ঢকুৱাখনা গ্ৰামীণ জীৱিকা অভিযান-৫ আত্মসহায়ক গোটক চেক প্ৰদান

ঢকুৱাখনা গ্ৰামীণ জীৱিকা অভিযান-৫ আত্মসহায়ক গোটক চেক প্ৰদান

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড অভিযান পৰিচালনা গোট, ঢকুৱাখনা উন্নয়ন খণ্ডৰ উদ্যোগত  ৪টা আত্মসহায়ক গোট আৰু এটা প্রদিউছাৰ গোটক শুক্ৰবাৰে সামূহিক বিনিয়োগ পুঁজিৰ (কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড) প্ৰদান কৰা হয় । ঢকুৱাখনা মহকুমা পুথিভঁৰাল প্ৰেক্ষাগৃহত  এই সন্দৰ্ভত অনুষ্ঠিত কৰা হয় এখন  অনুদান বিতৰণ সভা।  ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ দলেয়ে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা সভাত আদৰণি ভাষণ আগবঢ়াই ঢকুৱাখনা উন্নয়ন খণ্ডৰ খণ্ড আঁচনি প্ৰবন্ধক(বি পি এম) বিজয় কৃষ্ণ কোচে।  ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত বহু সংখ্যক আত্মসহায়ক গোটৰ কৰ্মকর্তা সকলৰ লগতে গৰিষ্ঠ সংখ্যক বিভাগীয় কৰ্মচাৰী উপস্থিত থকা সভাত বিধায়ক নৱ দলে , খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্ত , আদিয়ে বক্তব্য আগবঢ়াই। লখিমপুৰ জিলাৰ “ডিষ্ট্ৰিক্ট ফাংচ’নেল এক্সপাৰ্ট ” সুপ্ৰিয়া পাতিৰ ,ৰৌছন ভাণ্ডাৰী,ধেমাজি বিধানসভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি প্ৰণৱজিত গগৈ,পৌৰপতি ৰাজীৱ দাস ,মণ্ডল বিজেপি নেতা সুনীল দলে আদি উপস্থিত থকা বিতৰণ সভাত প্ৰাথমিক পৰ্য্যায়ত শুক্ৰবাৰে  যি সমূহ গোটে পূৰ্বে  “সামূহিক বিনিয়োগ পুঁজি” গ্ৰহণ কৰা নাই তেনেবোৰ গোটক এই বৰ্দ্ধিত  হাৰৰ সামূহিক বিনিয়োগ পুঁজি  প্ৰদান কৰা হয়। তাৰেই অংশ হিচাবে ৪ টা “চি এল এফ”ৰ ৪ টা গোট ক্ৰমে ডিমৰুগুৰি পঞ্চায়তৰ সীতা আত্মসহায়ক গোট,দাংধৰা পঞ্চায়তৰ মলয়া আত্মসহায়ক গোট,পূব ঢকুৱাখনা পঞ্চায়তৰ মধ্য ভোমা লাগাচু আত্মসহায়ক গোট, উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ জীয়মৰিয়া জে কে আত্মসহায়ক গোট আৰু খেৰকটা পঞ্চায়তৰ ঘৰ জেউতি প্রদিউছাৰ গোট সহ ৫ টা গোটক  ১ লাখ ৫০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰা হয় ।পৰৱৰ্তী সময়ত এনে অন্যান্য চি এল এফৰ গোট সমূহক এই সামূহিক বিনিয়োগ পুঁজি প্ৰদান কৰা হব বুলি সভাত বক্তা সকলে জানিবলৈ দিয়ে।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment