ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন

এখন ইংৰাজী মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান।মাধ্যম ইংৰাজী যদিও বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠীৰ প্ৰতিটো লোক কৃষ্টি সংস্কৃতি আৰু লোক পৰম্পৰাৰ সৈতে নিবিড় ভাবে সম্পৃক্ত হোৱাৰ নৈতিক শিক্ষা দানো কৰা হয় এইখন বিদ্যালয়ত। ঢকুৱাখনাৰ শৈক্ষিক জগতৰ সমুজ্জল নক্ষত্ৰ স্বৰূপ বিদ্যালয়খনৰ নাম চেইণ্ট থমাছ স্কুল । ২০০৪ চনতে ঢকুৱাখনা নগৰত প্ৰতিষ্ঠা হোৱা এইখন বিদ্যালয়ৰ বিদ্যাৰ্থী সকলক বিদ্যায়তনিক শিক্ষাৰ লগতে পৰম্পৰাগত জীৱন চৰ্যাৰো শিক্ষা প্ৰদানত অধিক গুৰুত্ব দিয়া হয়।শনিবাৰে এইখন বিদ্যালয়ত এনে লোক পৰম্পৰা ধাৰাবাহিকতা অক্ষুন্ন ৰাখি অনুষ্ঠিত কৰা হয় “ৰঙালীৰ এদিন” শীর্ষক  উৎসৱ । এদিনৰ বাবে শিক্ষক শিক্ষাৰ্থীৰ প্ৰভেদ নাৰাখি প্ৰাণৰ ৰঙালীক প্ৰাণভৰি উদযাপন কৰাৰ এক মনোজ্ঞ অনুষ্ঠানত বিধৌত হয় বিদ্যালয় প্ৰাঙ্গন।শনিবাৰে পুৱা বিদ্যালয়ৰ অধ্যক্ষ সেবী এম বেবী আৰু অন্যান্য শিক্ষাগুৰু সকলক শিক্ষাৰ্থী সকলে ঢোলে দগৰে বিহু নাম গাই আদৰি আনে প্ৰৱেশ দ্বাৰৰ পৰা । বিদ্যালয়ৰ সমসাজ এৰি জাতীয় সাজেৰে উদ্ভাসিত হৈ বিদ্যাৰ্থী সকলে অধ্যক্ষ সমন্বিতে সকলো শিক্ষাগুৰুক আদৰি অনাৰ পাছত অনুষ্ঠিত হয় ৰঙালীৰ এদিন ।

শিক্ষক শিক্ষাৰ্থীৰ সকলো একাত্ম হৈ বিদ্যালয় প্ৰাঙ্গনত ঢোল তাল  গগনাৰ সুৰে সুৰে নাচি বাগি ৰঙালীৰ উচাহত বিলীন হৈ যায় । অসমীয়া লোক সংস্কৃতিৰ সোপান তিল পিঠা ,ঘিলা পিঠা , লাড়ু চিৰা দৈৰ অপূৰ্ব  জুতিৰে শিক্ষক আৰু অভ্যাগতক আপ্যায়ন কৰে শিক্ষাৰ্থী সকলে । শ্ৰেণী কোঠা এৰি লোক সংস্কৃতি পৰম্পৰাৰ মাজত বিলীন হৈ শিক্ষক শিক্ষাৰ্থী সকলোৱে সুদীর্ঘ সময়ধৰি ৰঙালীৰ উচাহত লীন যোৱা পৰিলক্ষিত হল । ঢুলীয়া ছাত্ৰৰ ঢোলৰ ছেওত নাচনী শিক্ষকে কঁকাল ঘূৰাই নাচি নাচি জুৰিলে বিহুনাম । সাক্ষী হৈ ৰল অভিভাৱক ,সংস্কৃতি প্ৰেমী ।ছাত্ৰৰ ঢোলৰ ছেওৰ লগত ছন্দ মিলাই প্ৰাণ ঢালি নাচিলে দক্ষিণ ভাৰতৰ অধ্যক্ষ সেৱী এম বেবীয়েও । ইয়াৰ পূৰ্বে  সমূহ শিক্ষাগুৰু অভিভাৱক ,শিক্ষাৰ্থীৰ উপস্থিতিত বিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ সেবী এম বেবীযে।  পতাকা উত্তোলন কৰি লোক পৰম্পৰা আৰু জাতীয় ঐতিহ্য ধৰি ৰখাৰ এই ধাৰাবাহিকতাই শিক্ষাৰ্থী সকলক সংস্কৃতিবান  কৰি ৰখাত উদগনি যোগাই আহিছে বুলি মন্তব্য কৰে। বিদ্যালয়ৰ  শিক্ষয়িত্ৰী মিনা লক্ষ্মী দাসে আঁত ধৰা  এই অনুষ্ঠানত  ৰঙালী কেন্দ্ৰীক চমু বক্তব্য আগবঢ়াই বিদ্যাৰ্থী সকলে। সমূহ বিদ্যাৰ্থী শিক্ষক কৰ্মচাৰীযে এদিনৰ বাবে লোক পৰম্পৰাত বিলীন হৈ ঐক্য সম্প্ৰীতিৰ বাণী বিলাই বিয়লি এই অনুষ্ঠানৰ সফল সামৰণি মাৰে ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment