ঢকুৱাখনা জলসম্পদ সংমণ্ডলত একেদিনাই ২৬ কৰ্মচাৰীৰ যোগদান

পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱত এক প্ৰকাৰৰ লাওলোৱা বিভাগলৈ পৰ্যবসিত হৈছিল ঢকুৱাখনা জলসম্পদ সংমণ্ডল আৰু উপ সংমণ্ডল কাৰ্য্যালয়তো। ঢকুৱাখনা নগৰৰ সদৰত স্থাপিত এইটো অতি গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগত প্ৰতিষ্ঠাকালৰে পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অভাৱৰ বাবে মুষ্টিমেয় কৰ্মচাৰী সকলেই অতিৰিক্ত সকলো দায়িত্ব পালন কৰিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছিল । শেহতীয়া ভাবে ৰাজ্য চৰকাৰে নিযুক্তি দিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ব্যক্তি সকলৰ মাজৰ পৰা মুঠ ২৬ গৰাকী এনে কৰ্মচাৰীক সংমণ্ডল আৰু উপ সংমণ্ডলটোত নিযুক্তি দিয়াত দীৰ্ঘদিনীয়া এক অভাৱ পূৰণৰ দিশে গতি কৰিছে বিভাগটোৱে । বৃহস্পতিবাৰে বিভাগটোত যোগদানৰ বাবে উপস্থিত হয় নতুনকৈ নিযুক্তি প্ৰাপ্ত চতুৰ্থ বৰ্গৰ মুঠ ২০ গৰাকী প্ৰাৰ্থী আৰু তৃতীয় বৰ্গৰ মুঠ ৬ গৰাকী প্ৰাৰ্থী সহ সৰ্বমুঠ ২৬ গৰাকী প্ৰাৰ্থী । সংমণ্ডলটোৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো,সহকাৰী কাৰ্যবাহী অভিযন্তা কৃষ্ণ কান্ত পেগু আৰু যোগানন্দ পেগুৱে নিযুক্তি প্ৰাপ্ত প্ৰাৰ্থী সকলৰ যাবতীয় নথিপত্ৰ পৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰাৰ পাছত কামত যোগদান কৰাই । কাৰ্য্যালয়ৰ প্ৰধান চালিকা শক্তি স্বৰূপ নব নিযুক্ত এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলক সামূহিক ভাবে বিভাগীয় কাম কাজৰ লগতে দায়িত্ব কৰ্তব্য সন্দৰ্ভত এক প্ৰশিক্ষণ প্ৰদানৰ পাছতে নিযুক্তি প্ৰাপক সকলক নিজ নিজ দায়িত্ব অৰ্পণ কৰিব বুলি বিভাগীয় বিষয়াই জনাইছে । উল্লেখ্য যে এই তৃতীয় বৰ্গত বিজ্ঞান শাখাৰ স্নাতকোত্তৰ এগৰাকী প্ৰাৰ্থী আৰু বি টেক ডিগ্ৰীধাৰী ২গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে সংমণ্ডলটোত। অষ্টম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰা উচ্চ শিক্ষিত স্নাতকোত্তৰ আৰু বি. টেক ডিগ্ৰী ধাৰী প্ৰাৰ্থীৰ সমাহাৰ ঘটা নিযুক্তিৰ জৰিয়তে বিভাগটোৱে নতুন গতিশীলতা লাভ কৰিব বুলি বিভাগৰ কাৰ্যবাহী অভিযন্তা ডেকা বড়ো আৰু সহকাৰী কাৰ্যবাহী অভিযন্তা পেগুৱে আশা প্ৰকাশ কৰি সকলোৰে নতুন কৰ্মজীৱনলৈ আদৰণি জনাইছে ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment