ঢকুৱাখনা পৌৰ সভাৰ ৰাজীৱ দাস পৌৰপতি নিৰ্বাচিত

লখিমপুৰ জিলাৰ ঢকুৱাখনা পৌৰ সভাৰ প্ৰথমখন নিৰ্বাচিত সমিতিয়ে আনুষ্ঠানিক ভাৱে বৃহস্পতি বাৰে  শপত গ্ৰহণ কৰাৰ লগতে কাৰ্যভাৰ গ্ৰহণ  কৰে। ১০ টা ৱাৰ্ড বিশিষ্ট ঢকুৱাখনা পৌৰ সভাখনৰ নিৰ্বাচিত ১০ গৰাকী  পৌৰআয়ুক্ত আৰু এগৰাকী পদেন সদস্যই  শপত বাক্য পাঠ কৰি বিধিগত ভাবে পৌৰসভাৰ  দায়িত্ব গ্ৰহণ কৰে । এই উদ্দেশ্যেৰে বৃহস্পতি বাৰে পৌৰ সভাৰ কাৰ্যালয়ৰ উদ্যোগত পৌৰ সভাৰ কাৰ্য্যালয় প্ৰাংগণত অনুষ্ঠিত হয় এখন শপত গ্ৰহণ অনুষ্ঠান। ঢকুৱাখনাৰ ৰাজহ চক্ৰ বিষয়া ৰাহুল পেগু , মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা, সহকাৰী আয়ুক্ত মানৱ জ্যোতি দাস, জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা , কোষাধ্যক্ষ সঞ্জীৱ গগৈৰ লগতে গেৰুৱা দলৰ নেতা কৰ্মী সকল, পৌৰ এলেকাৰ  বিশিষ্ট নাগৰিক সমাজ, বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী , চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ লগতে পৌৰ সভাৰ সমূহ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানৰ আঁত ধৰে পৌৰ সভাৰ  মুখ্য কাৰ্যবাহী বিষয়া  অভিজাত বৰুৱাই। পৌৰ সভা কাৰ্যালয়ৰ তৰফৰ পৰা নৱ নিৰ্বাচিত পৌৰ আয়ুক্ত সকলক ফুলাম গামোচাৰে আদৰণি  জনাই মঞ্চত উপবিষ্ট কৰাৰ পাছতে শপত বাক্য পাঠ কৰোৱা হয়। ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই শপত নামা পাঠ কৰাৰ পৰৱৰ্তী সময়ত মুখ্য কাৰ্যবাহী বিষয়া অভিজাত বৰুৱাই পৌৰ আয়ুক্ত সকল ক্ৰমে ১ নং ৱাৰ্ডৰ আয়ুক্ত বগেন কোঁৱৰ ,২ নং  ৱাৰ্ডৰ গুনলতা কুটুম লাগাচু,৩ নং ৱাৰ্ডৰ সংগীতা  বৰুৱা, ৪ নং ৱাৰ্ডৰ  মাণিক বৰুৱা,৫ নং ৱাৰ্ডৰ  তিলেন দাস,৬ নং ৱাৰ্ডৰ স্বৰূপ কোঁৱৰ, ৭ নং ৱাৰ্ডৰ চন্দ্ৰমা গগৈ ,৮ নং ৱাৰ্ডৰ দিপালি দাস ৯ নং ৱাৰ্ডৰ অপৰূপা দিহিঙীয়া দত্ত, ১০ নং ৱাৰ্ডৰ ৰাজীৱ দাস আৰু ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেক পৌৰ সভাৰ  পদেন সদস্য হিচাবে  ক্ৰমানুসৰী  শপত বাক্য পাঠ কৰাই । ইয়াৰ পাছতে নৱ নিৰ্বাচিত আয়ুক্ত সকলে এখন বৈঠকত মিলিত হয়। বিধায়ক নৱ দলে ,মুখ্য কাৰ্যবাহী বিষয়া অভিজাত বৰা আদি উপস্থিত থকা বৈঠকত পৌৰ আয়ুক্ত সকলে  চৰকাৰী সংৰক্ষণ  নীতিৰ আধাৰত অনুসূচীত জাতিৰ বাবে সংৰক্ষিত পৌৰপতি পদৰ বাবে  ১০ নং ৱাৰ্ডৰ পৌৰ আয়ুক্ত ৰাজীৱ দাসৰ নাম আৰু  উপ পৌৰপতি পদৰ বাবে ৭ নং ৱাৰ্ডৰ চন্দ্ৰমা গগৈৰ নাম সৰ্বসন্মতি ক্ৰমে ঘোষণা কৰে ।
প্ৰথম বাৰৰ বাবে পৌৰ সভাৰ দায়িত্ব গ্ৰহণ কৰি নিৰ্বাচিত পৌৰ আয়ুক্ত সকলে অনাগত কাৰ্যকালত বিভিন্ন অভাৱ সমস্যাৰে ভাৰাক্ৰান্ত পৌৰ এলেকাৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ বাবে জন প্ৰতিনিধিত্বৰ শক্তি প্ৰয়োগ কৰি যাব বুলি নিশ্চয়তা প্ৰদান কৰে । উল্লেখ্য যে ১০ টা ৱাৰ্ডৰ ১০ খন আসনেই গেৰুৱা দলটোৱে দখল কৰি বিৰোধী শূণ্য পাৰিষদ গঠন কৰিবলৈ সক্ষম হয় ।

Comments (0)
Add Comment