ঢকুৱাখনা মহাবিদ্যালয়ৰ  প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ সম্পন্ন

প্ৰাত্যহিক কৰ্ম ব্যস্ততা আৰু বাস্তৱিক জীৱন পৰিক্ৰমাৰ পৰা ক্ষণিকৰ বাবে নিজকে নিলগাই বিদ্যায়তনিক জীৱনৰ অম্লমধুৰ অতীত ৰোমন্থনৰ লক্ষ্যৰে আজি ঢকুৱাখনা মহাবিদ্যালয়লৈ আগমন ঘটিল শতাধিক প্ৰাক্তন শিক্ষাৰ্থীৰ। ১৯৬৬ চনতে প্ৰতিষ্ঠা লাভ কৰা ঢকুৱাখনা মহাবিদ্যালয়ে নিৰবধি জ্ঞানৰ গৰিমা বিলাই উত্তৰ অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ সমুজ্জ্বল নক্ষত্ৰ হিচাপে আত্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা শিক্ষানুষ্ঠানখনৰ চতুৰ্থ সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হয় পতাকা উত্তোলনেৰে । মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে মহাবিদ্যালয়ৰ পতাকা আৰু উপাধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ সভাপতি চিত্ৰ কুমাৰ কোঁচে সংস্থাৰ পতাকা উত্তোলন কৰাৰ পাছত বিয়লিলৈ মুকলি সভা অনুষ্ঠিত হয় । মহাবিদ্যালয়ৰ বৃন্দগানেৰে মঞ্চ মুকলি কৰাৰ পাছতে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাৰ উদ্বোধনী  ভাষণ আৰু অধ্যক্ষ ডঃ যোগানন্দ  সূতৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে সংস্থাৰ সভাপতি চিত্ৰ কুমাৰ কোঁচে । ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ পৰা একালৰ আপোন উচ্চ শিক্ষানুষ্ঠানখনলৈ ঢপলিয়াই অহা শতাধিক প্ৰাক্তন শিক্ষাৰ্থীৰ উপস্থিতিয়ে জীপাল কৰি তোলা মহাবিদ্যালয় চৌহদৰ জনাকীৰ্ণ প্ৰেক্ষাগৃহত প্ৰাক্তন ছাত্ৰ ,টেঙাখাত মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যপক তথা উপাধ্যক্ষ যতীন্দ্ৰ নাথ গগৈয়ে সংস্থাৰ উপ সভাপতি অনন্ত দাস ,সম্পাদক হেমন্ত কুমাৰ বৰুৱা, প্ৰাক্তন ছাত্ৰ হেম বৰুৱা আদিৰ উপস্থিতিত উৰুলী মংগল ধ্বনিৰ মাজত সমাৰোহৰ মুখপত্ৰ “তীৰ্থ সংগম” উন্মোচন কৰে । জনাকীৰ্ণ সভাত বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন ছাত্ৰ, তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ সূৰ্য চুতীয়াই অংশগ্ৰহণ কৰি অতীত আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ তুলনামূলক আৰু অভিজ্ঞতালব্ধ মনোজ্ঞ বক্তব্য আগবঢ়ায়। প্ৰাক্তন ছাত্ৰী প্ৰাচুৰ্য্যা বৰুৱাৰ শ্ৰুতিমধুৰ সংগীতেৰে জীপাল মুকলি সভাত বিশিষ্ট অতিথি হিচাবে পদ্ম নাথ গোহাঁই বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ঠানু ৰাম মজিন্দাৰেও চমু বক্তব্য আগবঢ়াই অতীত ৰোমন্থন কৰে।বিয়লিৰ পৰা সন্ধ্যা পৰ্যন্ত মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী  সাংবাদিক বশিষ্ট দেৱ ফুকন আৰু ডঃ বিউটি গগৈৰ সঞ্চালনাত অগণন প্ৰাক্তন শিক্ষাৰ্থীৰ উপস্থিতিত অন্তৰংগ আলাপ আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment