ঢোঁল পেঁপা গগণাৰ মাতৰে মুখৰিত জামুগুৰিহাটৰ ৰঙাচকুৱা বিহু মেলাৰ বিহু মঞ্চ

ঢোঁল, পেঁপা ,  তিহিতি তিহিতি মাতৰে আজি মুখৰিত হৈ পৰিল জামুগুৰিহাটৰ ৰঙাচকুৱা বিহু মেলাৰ বিহু মঞ্চ । সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰাত এইবাৰ ৰঙাচকুৱা বিহু মেলা উপলক্ষ্যে মঙলবাৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কুৰিটাৰো অধিক বিহুৱা দলে বিহু প্ৰদৰ্শন কৰে । বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হৈ বিহু প্ৰতিযোগিতাখন । বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু দলৰ বিহু প্ৰদৰ্শনৰ সময়ত ঢোঁল পেঁপা গগণাৰ মাতৰে মুখৰিত হৈ উঠে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হিচাপে পৰিচিত ৰঙাচকুৱা বিহু মেলাৰ মঞ্চত । দলীয় বিহুৰ লগতে মৌ কুৱঁৰী, একক বিহু নৃত্য, আধুনিক নৃত্যৰ লগতে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰে বুলি জানিবলৈ দিয়ে ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই ।

Comments (0)
Add Comment