তামুলপুৰ মটঙা চক অৱস্থিত তামুলপুৰ হেল্থ কেয়াৰ চেণ্টাৰত ৰঙিয়াৰ স্বেচ্ছাসেৱী সংস্থা সাধন’ৰ দ্বাৰা পৰিচালিত “তামান্না যোগ চেন্টাৰ”ৰ আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰা হয়। প্ৰশিক্ষণ কেন্দ্ৰটো শুভ উদ্বোধন কৰে তামুলপুৰৰ বিশিষ্ট সাংবাদিক দীপক কুমাৰ পাঠকে। অনুষ্ঠানৰ আৰম্ভণিতে সাধনা’ সংস্থাৰ সম্পাদক যোগাচাৰ্য জ্যোতিষ কলিতাই যোগ চৰ্চাৰ উপকাৰিতা, লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় লগতে কার্যসূচীত যোগ প্ৰশিক্ষক অনামিকা দাস আৰু অনামিকা শৰণীয়াই শিক্ষাৰ্থীসকলক যোগ অনুশীলন কৰায়। উল্লেখযোগ্য যে এই যোগ চেন্টাৰ”ত প্ৰতি দেওবাৰে ৰাতিপুৱা ৬-৩০ বজাৰ পৰা ৭-৩০ বজালৈ কণ কণ লৰা-ছোৱালীৰ লগতে অভিভাৱক সকলকো বিনামূলীয়াকৈ যোগ প্ৰশিক্ষণ আগবঢ়াব বুলি জানিবলৈ দিয়ে ।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই