তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব ত্ৰিচত্বাৰিংশতম বেলতলা বহাগী উৎসৱ

তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব ত্ৰিচত্বাৰিংশতম বেলতলা বহাগী উৎসৱৰ ২১, ২২ আৰু ২৩ এপিলত অনুষ্ঠিত হ’ব বহাগী উৎসৱ।প্ৰথম দিনটোত অনুষ্ঠিত হ’ব বিহু হুঁচৰি তথা পাটমাদৈ প্ৰতিযোগিতা।পাটমাদৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ৰাজ্যৰ বিভিন্ন মঞ্চত বিহুকুঁৱৰী, বিহুৰাণী , বৰবিহুৱটি তথা বিহু সম্ৰাগী বঁটা প্ৰাপক বিহুৱটিয়ে।

বিহু হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১ লাখ টকাৰ লগতে পাটমাদৈ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ২ লাখ টকা।প্ৰথম বাৰলৈ আয়োজন কৰা স্বৰ্গীয় মন্মথ বৈশ্য সোঁৱৰণী লোকগীত প্ৰতিযোগিতাৰ বঁটা প্ৰদান কৰা হ’ব প্ৰথম দিনাৰ কার্যসূচীত।এই বঁটা পাবলৈ সক্ষম হৈছে চুমী ডেকাই।লগতে প্ৰথম নিশা সংগীতৰ শৰাই আগবঢ়াব শংকুৰাজ কোঁৱৰে।

দ্বিতীয় নিশা সংগীতানুষ্ঠান আগবঢ়াব যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে।বহাগী উৎসৱৰ তৃতীয় দিনা প্ৰদান কৰা হ’ব সুধাকন্ঠ ভূপেন হাজৰিকা বঁটা।এই বর্ষত বঁটাটি প্ৰদান কৰা হ’ব বিশিষ্ট সংগীত শিল্পী তথা ভূপেন হাজৰিকাৰ ভতিজা ময়ুখ হাজৰিকাক।লগতে তৃতীয় নিশা এই মঞ্চত সংগীতৰ শৰাই আগবঢ়াব  বিশিষ্ট কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই।

Comments (0)
Add Comment