শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ চিলনী মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ গান্ধীজী প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত আদৰণী তোৰণখন আজি চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডাঃ ক্ষিৰোদ কমল হাজৰিকাই শুভ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থাকে বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনীষ ঠাকুৰ, চিলনী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সন্তোষ ছেত্ৰী, বিদ্যালয়খনৰ প্ৰধান শিক্ষক দুলাল কুমাৰ বিশ্বাসসহ বালিপৰা শিক্ষাখণ্ডৰ বহুকেইজন বিশিষ্ট ব্যক্তি। উল্লেখ্যযোগ্য যে, উক্ত আদৰণী তোৰণখন বুঢ়াগাঁও চাপৰি গাঁৱৰ গাঁওবুঢ়া উমেশ কোচে তেখেতৰ স্বৰ্গগামী পিতৃ-মাতৃৰ নামৰ উৎসৰ্গা কৰি বিদ্যালয়ৰ বাবে নিৰ্মাণ কৰি দিছে ।
খবৰ যুগুতালে বালিপৰাৰপৰা প্ৰাঞ্জল প্ৰতীম বৰাই..
বালিপৰাৰ গান্ধীজী প্ৰাথমিক বিদ্যালয়ৰ তোৰণ উদ্বোধন
