ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’

বিজনেছ কনক্লেভ ২০২৬ৰ পূৰ্বে ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে আজি গুৱাহাটীৰ হোটেল ভিভান্তাত সফলভাৱে ডেষ্টিনেশ্যন ত্ৰিপুৰা – ইনভেষ্টৰছ্ ৰোডশ্ব আয়োজন কৰে।
গুৱাহাটীত অনুষ্ঠিত এই ৰোডশ্ব’টোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক পৰিৱেশৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে এক কৌশলগত আঞ্চলিক প্ৰচাৰমূলক পদক্ষেপ হিচাপে কাম কৰে। ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ মাজৰ সহযোগিতা বৃদ্ধি, প্ৰতিষ্ঠানসমূহৰ মাজত সংযোগ অধিক শক্তিশালী কৰা আৰু বিভিন্ন ৰাজ্যৰ মাজত বিনিয়োগ সহযোগিতাক উৎসাহিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ উদ্যোগপতি, উদ্যমী, বিত্তীয় প্ৰতিষ্ঠান আৰু গুৰুত্বপূৰ্ণ অংশীদাৰসকলক একত্ৰিত কৰে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে বিকশিত অৱস্থালৈ গতি কৰা ত্ৰিপুৰাৰ ঔদ্যোগিক পৰিৱেশ, আন্ত:গাঁথনি উন্নয়ন, প্ৰগতিশীল নীতিগত দিশ আৰু খণ্ডভিত্তিক বিনিয়োগৰ সুযোগসমূহ প্ৰদৰ্শন কৰা হয়। ইয়াৰ লগতে বিনিয়োগৰ সুবিধা আৰু ব্যৱসায় কৰাৰ সুবিধাজনক পৰিৱেশ সৃষ্টিৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হয়। এই দৃষ্টিভংগী দেশজুৰি অনুষ্ঠিত অনুৰূপ ৰোডশ্ব’সমূহতো নিয়মীয়াকৈ বিশেষভাৱে উপস্থাপন কৰা হৈছে।
ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সভাত ভাষণ আগবঢ়াই ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব, আই এ এছ কিৰণ গিট্টে নীতিগত সংস্কাৰ, প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অনুমোদন প্ৰদানৰ জৰিয়তে এক শক্তিশালী আৰু বিনিয়োগৰ উৎকৃষ্ট পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিক পুনৰ উল্লেখ কৰে। তেখেতে কয় যে উন্নত সংযোগ ব্যৱস্থা, কৌশলগত ভৌগোলিক অৱস্থান আৰু দ্ৰুত সঁহাৰি জনোৱা প্ৰশাসন ব্যৱস্থাৰ সহায়ত ত্ৰিপুৰাই ক্ৰমান্বয়ে উত্তৰ-পূৰ্বাঞ্চলৰ এক পছন্দৰ বিনিয়োগৰ গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰি আছে।
কিৰণ গিট্টে লগতে কয় যে ত্ৰিপুৰাৰ বিকাশৰ কাহিনীয়ে এক নতুন গতি লাভ কৰিছে আৰু ৰাজহুৱা বিনিয়োগ, প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰ আৰু ব্যক্তিগত খণ্ডৰ বৃদ্ধি পোৱা অংশগ্ৰহণৰ ফলত ৰাজ্যখনত দ্ৰুত অৰ্থনৈতিক গতি লক্ষ্য কৰা গৈছে। তেখেতে বিশেষভাৱে উল্লেখ কৰে যে বাংলাদেশকে ধৰি আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ সৈতে ত্ৰিপুৰাৰ কৌশলগত সংযোগে ৰাজ্যখনক বাণিজ্য, লজিষ্টিক্স আৰু সীমান্তৰ অৰ্থনৈতিক কাৰ্যকলাপৰ এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপে প্ৰতিষ্ঠিত কৰিছে।
বিভিন্ন খণ্ডভিত্তিক সম্ভাৱনাৰ এক বিস্তৃত ছবি দাঙি ধৰি ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সঞ্চালক, আই এ এছ ড° দীপক কুমাৰে তথ্য প্ৰযুক্তি আৰু ডিজিটেল সেৱা, স্বাস্থ্যখণ্ড, পৰ্যটন, কৃষি আৰু খাদ্য সংসাধন, ৰবৰ, বাঁহ আৰু অগৰুভিত্তিক উদ্যোগ, নৱীকৰণযোগ্য শক্তি, নগৰ আন্ত:গাঁথনি আৰু উৎপাদন খণ্ডকে ধৰি অগ্ৰাধিকাৰপ্ৰাপ্ত বিভিন্ন ক্ষেত্ৰত উপলব্ধ বিনিয়োগৰ সুযোগসমূহৰ বিষয়ে আলোকপাত কৰে।
ড° দীপক কুমাৰে ৰাজ্য চৰকাৰৰ বিনিয়োগকাৰীকেন্দ্ৰিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দি কয় যে বিনিয়োগকাৰীসকলৰ বাবে ঔদ্যোগিক ভূমি, প্লাগ-এণ্ড-প্লে আন্ত:গাঁথনি আৰু প্ৰকল্পৰ ধাৰণা প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি ৰূপায়ণ তথা কাৰ্যকৰীকৰণ পৰ্যন্ত সম্পূৰ্ণ সহায়মূলক সুবিধা উপলব্ধ কৰা হৈছে। তেখেতে লগতে বিভাগীয় পক্ষৰ পৰা বিনিয়োগকাৰীসকলক নিৰৱচ্ছিন্ন অনুমোদন প্ৰক্ৰিয়া, সক্ৰিয় সহায়-সহযোগিতা আৰু দীৰ্ঘম্যাদী সম্পৰ্ক বজাই ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ়ভাৱে প্ৰকাশ কৰে।
অনুষ্ঠানটোত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে নেডফিৰ অধ্যক্ষ তথা ব্যৱস্থাপনা সঞ্চালকগৰাকী উপস্থিত থাকে। তেখেতে বিত্তীয় সহায়ৰ বিভিন্ন ব্যৱস্থাৰ বিষয়ে গুৰুত্বপূৰ্ণ দৃষ্টিভংগী আগবঢ়াই উত্তৰ-পূৰ্বাঞ্চলত ঔদ্যোগিক বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত উন্নয়নমূলক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। ইয়াৰ লগতে নেডফিৰ তৰফৰ পৰা ত্ৰিপুৰাৰ সম্ভাৱনাময় প্ৰকল্পসমূহক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত অব্যাহত প্ৰতিশ্ৰুতিৰ কথাও তেখেতে কয়। ইয়াৰ ফলত অঞ্চলটোৰ বিনিয়োগ পৰিৱেশ অধিক শক্তিশালী হোৱাৰ লগতে প্ৰকল্পসমূহৰ দ্ৰুত ৰূপায়ণ নিশ্চিত হ’ব বুলিও তেখেতে প্ৰকাশ কৰে।
অনুষ্ঠানটোত বিস্তৃত উপস্থাপন, আন্ত:ক্ৰিয়ামূলক আলোচনা আৰু বি টু জি বৈঠকৰ আয়োজন কৰা হয়, যাৰ জৰিয়তে বিনিয়োগকাৰীসকল আৰু চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত প্ৰত্যক্ষ যোগাযোগ আৰু মত বিনিময়ৰ সুযোগ সৃষ্টি হয়। গুৱাহাটীত অনুষ্ঠিত এই ৰোডশ্ব’ত বিনিয়োগকাৰীসকলৰ উল্লেখযোগ্য সঁহাৰি পৰিলক্ষিত হয়।
গুৱাহাটীত অনুষ্ঠিত এই ৰোডশ্ব’টোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ত্ৰিপুৰাৰ সম্পৰ্ক আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে। তদুপৰি সংস্কাৰমুখী, বিনিয়োগৰ বাবে সম্পূৰ্ণ প্ৰস্তুত আৰু দ্ৰুতভাৱে বিকশিত অৰ্থনৈতিক কেন্দ্ৰ হিচাপে ত্ৰিপুৰাৰ স্থানক অধিক শক্তিশালী কৰি তুলিছে।ইয়াৰ উপৰি আগৰতলাত অনুষ্ঠিত হ’বলগীয়া ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ অনুষ্ঠিত কৰাৰ দিশত এই ৰোডশ্ব’টোৱে এক শক্তিশালী ইতিবাচক দৃষ্টিভংগী আৰু উৎসাহ সৃষ্টি কৰিছে।

Comments (0)
Add Comment