দীপৰ বিলত বাৰ্ষিক জলক্ৰীড়া বাস্তবায়িত হোৱাৰ দিশে লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ সপোন – মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কেবাটাও বিভাগৰ যৌথ জৰীপ আৰম্ভ

অসমৰ ইতিহাসত এক যুগান্তকাৰী ঘটনা হিচাপে পৰিচিত আৰু অসমসহ দক্ষিণ পূৱ এচিয়াক মোগলৰ আধিপত্যৰ পৰা ৰক্ষা কৰা ১৬৭১ চনৰ বিখ্যাত শৰাইঘাটৰ যুদ্ধত মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই মোগলক পৰাজিত কৰাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে অসম চৰকাৰ আৰু ভাৰতীয় সেনাৰ যৌথ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিৰ সমীপৰ দীপৰ বিলত প্ৰায় এমাহ পূৰ্বে ১৭ নবেম্বৰৰ পৰা ২০ নবেম্বৰলৈ প্ৰথম বাৰৰ বাবে চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল “ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল” শীৰ্ষক জলক্ৰীড়া মহোৎসৱ। ভাৰতীয় সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ অধীনৰ ৰেড হৰ্ণচ ডিভিজন আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অনুষ্ঠিত ‘ৰাইজিং ছান ৱাটাৰ ফেষ্ট -ৰিভিষ্টিং শৰাইঘাট ২০২৩’ শীৰ্ষক এক বিশেষ জলক্ৰীড়া মহোৎসৱৰ আটাইকেইদিনতে লোকে লোকাৰণ্য হৈ পৰিছিল মহোৎসৱথলী।অৱশ্যে ইয়াৰ মাজতে দীপৰ বিলত জলক্ৰীড়া মহোৎসৱ উদযাপনৰ নামত বিলত পানীভৰ্তি কৰি ৰাখিবৰ বাবে আগষ্ট মাহৰ পৰাই বন্ধ কৰি ৰখা হৈছিল দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ ওপৰত পূৱ ধাৰাপুৰ আৰু গাড়ীগাঁও সংযোগী পথত থকা একমাত্ৰ শ্লুইচগেটখন। যিখন খানাজানৰ সম্ভাৱ্য গৰা খহনীয়াৰ আশংকা কৰি আজিও খোলা হোৱা নাই। ইয়াৰ কুফল ভোগ কৰি আহিছে দীপৰ বিলত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰা পাঁচ শতাধিক মাছমৰীয়া পৰিয়াল আৰু বিলৰ কাষৰীয়া অঞ্চলত বাস কৰা তিনি শতাধিক কৃষক পৰিয়ালে। আনহাতে জন্মলগ্নৰে পৰা দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ হকে মাত মাতি অহা দীপৰ বিল সুৰক্ষা মঞ্চয়ো মহোৎসৱৰ নামত বিলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য বিনষ্ট হোৱা বাবে মহোৎসৱ অনুষ্ঠিত কৰাৰ সময়সুচীৰো বিৰোধীতা কৰিছিল।আনহাতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অসম চৰকাৰৰ কেবাজনো মন্ত্ৰী, উচ্চপদস্থ বিষয়া,ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মূৰব্বী,অসম সন্তান লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাকে ধৰি কেবাজনো শীৰ্ষ সেনা বিষয়ায়ো মহোৎসৱত ভাগ লৈছিল। আনকি ২০ নৱেম্বৰত মহোৎসৱৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই কৈছিল আমি সৰুতে কিতাপত দীপৰ বিলৰ বিষয়ে পঢ়িছিলোঁ। মোৰ প্ৰয়াত পিতৃ -মাতৃৰ সৈতে সৰুতে দীপৰ বিলখন চোৱাৰ সৌভাগ্য হৈছিল।তেতিয়াৰ পৰাই দীপৰ বিলখনক লৈ মোৰ এটা সপোন আছিল যে কিদৰে বিলখনত ভৱিষ্যতে কিবা এটা ভাল কাম কৰিব পাৰি।অসম চৰকাৰে ভাৰতীয় সেনাক প্ৰথম বাৰৰ বাবে জলক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰিবলৈ সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো।দীপৰ বিলৰ চৰাই -চিৰিকতি আদিৰ কোনো হানি – বিঘিনি নকৰাকৈ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰি কিদৰে প্ৰতি বছৰে জলক্ৰীড়া অনুষ্ঠিত কৰিব পাৰি তাৰ বাবে মোৰ আন এটা সপোন আছে। দৰকাৰ হ’লে শীতকাল আৰম্ভ নৌহঁওতেই অহা বছৰৰ পৰা অক্টোবৰ মাহৰ ভিতৰতে এই জলক্ৰীড়া মহোৎসৱখন প্ৰতি বছৰে অনুষ্ঠিত কৰিব পাৰি নেকি তাৰ বাবে সকলোৱে প্ৰচেষ্টা ল’ব লাগে। ইফালে শেহতীয়াভাবে অসম চৰকাৰে শীৰ্ষ সেনা বিষয়া কলিতাই প্ৰতি বছৰে বাৰ্ষিক জলক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰিবলৈ জনোৱা আহ্বানক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। বিগত প্ৰায় দুটা সপ্তাহ ধৰি অসম চৰকাৰৰ জলসম্পদ আৰু পৰ্যটন বিভাগৰ অভিযন্তাসহ এটা বিষয়াৰ দলে স্থানীয় আজাৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল ,পৰ্যবেক্ষক কাননগো আদিৰ সৈতে যৌথভাবে বিলৰ চাৰিওকাষে জৰীপ আৰম্ভ কৰা পৰিলক্ষিত হৈছে।আনকি বিলৰ পাৰত ব্যক্তিগত মালিকাধীন যিখিনী মাটিত মহোৎসৱৰ মূল মণ্ডপ নিৰ্মাণ কৰা হৈছিল তেঁওৰ পৰা মাটিখিনী কমেও পাঁচ বছৰৰ বাবে লীজত লোৱা প্ৰক্ৰিয়াও আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দীপৰ বিলৰ গোটেই বিষয়টো তদাৰক কৰি থকাৰ লগতে দুয়োজনে চৰজমিন পৰিদৰ্শন কৰাও পৰিলক্ষিত হৈছে।উল্লেখ্য যে যোৱা মাহত অনুষ্ঠিত হৈ যোৱা জলক্ৰীড়া মহোৎসৱখনত শৰাইঘাটৰ যুদ্ধৰ নায়ক মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই কিদৰে নাৱেৰে মোগলক খেদি খেদি হাদিৰা চকী পাৰ কৰি থৈ আহিছিল।তেনে এক প্ৰতিচ্ছবি জনমানসত তুলি ধৰা হৈছিল।মহোৎসৱৰ লগত সংগতি ৰাখি দীপৰ বিলত অনুষ্ঠিত হৈছিল নৌকা চালনা ,ৰয়িং ,কাইকিং আদিকে ধৰি বিভিন্ন জলক্ৰীড়া।উঠি অহা যুৱ প্ৰজন্মই অসম আৰু অসমীয়াৰ ভাগ্য নিয়ন্তা স্বৰূপ শৰাইঘাট যুদ্ধখনৰ বিষয়ে যাতে ভালকৈ জানিব পাৰে তাক মহোৎসৱত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল।

Comments (0)
Add Comment