দেশৰ প্ৰথমটো সেউজ সচিবালয় হিচাপে পৰিগণিত হ’ল জনতা ভৱন

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে জনতা ভৱনত ২.৫ মেগাৱাটৰ সৌৰ প্ৰকল্প উদ্বোধন কৰে।এই সৌৰ প্ৰকল্প স্থাপনে জনতা ভৱনক দেশৰ প্ৰথমটো সেউজ সচিবালয় হিচাপে পৰিগণিত কৰিলে।

মুঠ ১২কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো প্ৰস্তুত কৰি উলিওৱা হৈছে।এই প্ৰকল্পটো অহা পাঁচ বছৰলৈ মেছাৰ্ছ মাধৱ এণ্টাৰপ্ৰাইজে ৰক্ষণাবেক্ষণ কৰিব।এই পদক্ষেপে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ (এপিডিচিএল) প্ৰতিমাহে ৩০ লাখ টকা ৰাহি কৰিব বুলি আশা কৰা হৈছে।

Comments (0)
Add Comment