আমাৰ গৌৰৱময় ঐতিহ্যৰ প্ৰতি নৱ প্ৰজন্মক সজাগ কৰাৰ লগতে এই মহান ঐতিহ্যক অনাগত দিনলৈ কঢ়িয়াই নিয়াৰ উদ্যেশ্য আগত ৰাখিয়েই চতিয়া দিৱসৰ দৰে দিৱস উদযাপন কৰা হয়। চতিয়াৰ নিলিমা ভৱনত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত চতিয়া দিৱসত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই আজি এইদৰে কয়।
দেশৰ স্বাধীনতা সংগ্ৰামত চতিয়াৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰি মন্ত্রী বড়াই যুগে স্বাধীনতা সংগ্ৰামী সকলৰ আত্ম ত্যাগে জনগণক অনুপ্ৰাণিত কৰি থাকিব বুলিও কয়।উল্লেখ্য যে ১৯৪২ৰ ২০ আগষ্টত চতিয়াৰ শিক্ষক বিমান বৰাই ইউনিয়ন জেক নমাই চতিয়া থানাত ত্ৰিৰংগ পতাকা উত্তোলন কৰা দিনটোক স্মৰণীয় কৰি ৰখাৰ বাবেই চৰকাৰী উদ্যোগত দ্বিতীয় বাৰৰ বাবে আজি চতিয়া দিৱস উদযাপন কৰা হয়। দেশৰ ভিতৰতে এয়াই আছিল ব্ৰিটিছ ভাৰতৰ থানাত জাতীয় পতাকা উত্তোলনৰ প্ৰথমটো ঘটনা।
সংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্র দাসে আদৰণি ভাষণ প্ৰদান এই অনুষ্ঠানত উদযাপন সমিতিৰ হৈ নদুৱাৰ বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই চতিয়া দিৱসৰ তাৎপৰ্য বাখ্যা কৰি ভাষণ প্ৰদান কৰে। বিশিষ্ট অতিথি হিচাপে সাংবাদিক তথা DY365 ৰ মুখ্য সম্পাদক অদীপ কুমাৰ ফুকনে স্বাধীনতা সংগ্ৰামৰ বিভিন্ন পৰ্যায়ত চতিয়াৰ অৱদান সন্দৰ্ভত এক মনোজ্ঞ ভাষণ প্ৰদান কৰে।সভাৰ মাজতে মৃণাল গোস্বামীৰপৰিকল্পনাত পৰিৱেশিত আলেখ্যখনত চতিয়াৰ সেই ঐতিহাসিক ঘটনাক উদ্ভাসিত কৰা হয়।সভাৰ পিছত মন্ত্রী বড়াই চৰকাৰে সংৰক্ষণ কৰা ঐতিহাসিক চতিয়া থানা পৰিদৰ্শন কৰে।