দ্বিতীয়বাৰৰ বাবে একেৰাহে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্বভাৰ গ্ৰহণ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

দেশৰ প্ৰধানমন্ত্ৰীয়ে ঐতিহাসিক তৃতীয় কার্যকালৰ বাবে শপতগ্ৰহণ পিছত সময়ত সর্বানন্দ সোণোৱালক পুনৰাই কেন্দ্ৰীয় বন্দৰ,জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ গুৰু দায়িত্ব অর্পণ কৰা হয়।সোণোৱালে কেন্দ্রীয় কেবিনেট মন্ত্ৰী হিচাপে দপ্তৰ আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰা পিছত ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ প্ৰমুখ্যে কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে এক বৈঠকত মত বিনিময় কৰে।

দেশৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ খণ্ডকে ধৰি সামুদ্রিক খণ্ডৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাক নৱৰূপ দি আগুৱাই নিয়াৰ বাবে দায়বদ্ধতাৰে কাম কৰিবলৈ সোণোৱালে সকলোকে আহ্বান জনায়।সোণোৱালে কয়, এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত দেশৰ প্ৰতি সমর্পিত সেৱা আগবঢ়োৱাৰ বাবে আমি সংকল্পবদ্ধ হ’ব লাগিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত বন্দৰ,জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে সামুদ্রিক খণ্ডক শক্তিশালী কৰাৰ দিশত নিৰন্তৰ কাম কৰি আহিছে। আমি বিকশিত ভাৰতৰ দৃঢ় লক্ষ্য প্ৰাপ্ত কৰাৰ দিশত আগবাঢ়ি যাওতে ৰাষ্ট্ৰ সৰ্বোপৰি ভাৱনাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ মহৎ উদ্দেশ্যত নিজকে প্রতিশ্রুতিবদ্ধ কৰি যাম। আমাৰ মন্ত্ৰালয়ে অমৃতকাল ভিজন ২০৪৭ৰ অধীনত কল্পনা কৰা অনুসৰি সামুদ্রিক খণ্ডক সামগ্রিক বিকাশৰ দিশত শক্তিশালী কৰাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি যাব লাগিব।

তদুপৰি সোণোৱালে বিভাগীয় ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰ আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতে মন্ত্ৰালয়টোৰ পৰৱৰ্তী ১০০ দিনৰ কর্মসূচী সন্দর্ভতো পর্যালোচনা কৰে আৰু নিৰ্দিষ্ট ৰোড মেপ লৈ ন উদ্যমেৰে কাম কৰিবলৈ আটাইকে আহ্বান জনায়।

Comments (0)
Add Comment