দৰং মহাবিদ্যালয়ত হেমন্ত কুমাৰ বৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত বিশেষ স্মাৰক বক্তৃতানুষ্ঠান

মহাত্মা গান্ধীয়ে ১৯২১চনত পোন প্ৰথমবাৰৰ বাবে অসমলৈ আহি ক’বলৈ বাধ্য হৈছিল যে মই যি ৰামৰাজ্যৰ কথা ভাবিছো সেই ৰামৰাজ্য অসমত মহাপুৰুষ শংকৰদেৱে তেতিয়াই প্ৰতিষ্ঠা কৰি থৈ গৈছে৷মঙলবাৰে তেজপুৰত এই মন্তব্য কৰে বিশিষ্ট লেখক চিন্তাবিদ ময়ূৰ বৰাই৷উল্লেখযোগ্য যে,তেজপুৰৰ সমাজ- সংস্কৃতি জীৱনৰ সব্যসাচীস্বৰূপ সত্বা হেমন্ত কুমাৰ বৰুৱাৰ সোঁৱৰণত আজি এক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হয়।

হেমন্ত কুমাৰ বৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আৰু দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থা,অসমীয়া বিভাগ আৰু বুৰঞ্জী বিভাগৰ সহযোগত হেমন্ত কুমাৰ বৰুৱা স্মাৰক বক্তৃতানুষ্ঠান শিক্ষানুষ্ঠানখনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়৷ উল্লেখ্য যে,২০২১ৰ ২৯ অক্টোবৰত কৰণা অতিমাৰীৰ বাবে অগণন গুণমুগ্ধক কন্দুৱাই অকালতে ইহঃলীলা সম্বৰণ কৰিছিল তেজপুৰৰ সাহিত্য -সংস্কৃতি জগতখনৰ অন্যতম আগধৰোতা তথা শিক্ষাবিদ হেমন্ত কুমাৰ বৰুৱাই ৷

প্রয়াত বৰুৱাৰ বহুমুখী প্ৰতিভাৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্য অনুষ্ঠিত প্ৰথমটো বক্তৃতানুষ্ঠান গহন চন্দ্ৰ গোস্বামীৰ দেশাত্মবোধ আৰু সমকালীন সমাজ শীর্ষক বিষয়ত বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক,চিন্তাবিদ ময়ূৰ বৰাই৷

এই বিশেষ স্মাৰক বক্তৃতানুষ্ঠানটি আৰম্ভ হয় হীৰামণি লহকৰে পৰিৱেশন কৰা এটি বৰগীতেৰে। দৰংমহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, সন্থাৰ যুটীয়া সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু স্মৃতি ৰক্ষা সমিতিৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত এই বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে স্মৃতি ৰক্ষা সমিতিৰ যুটীয়া সম্পাদক পল্লৱ ভট্টাচাৰ্য্যই আদৰণী ভাষণ আগবঢ়ায়। লগতে দৰংমহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশ মণি শইকীয়াই হেমন্ত কুমাৰ বৰুৱাৰ বহুমুখী প্ৰতিভাৰ ওপৰত আলোকপাত কৰে।

স্মৃতি ৰক্ষা সমিতিৰ উপদেষ্টা ড° ভূপেন শইকীয়া, ৰমেশ চন্দ্ৰ কলিতা, দৰংমহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি খগেশ্বৰ বৰকাকতি, প্ৰাক্তন ছাত্ৰ – ছাত্ৰী সন্থাৰ সভাপতি ড° ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাই বিশেষ আসন অলংকৃত কৰে। ইফালে অনুষ্ঠানটিত শীৰ্ষক বিষয়ৰ সন্দৰ্ভত স্বভাৱসুলভ বাগ্মিতাৰে সাৱলীল ভাষণ আগবঢ়াই নিৰ্দিষ্ট বক্তা ময়ূৰ বৰাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷

তেওঁ কয় -মহামানৱ মহাত্মা গান্ধীৰ বিস্ময়কৰ প্ৰভাৱৰ বাবেই ১৯২১ চনৰ পিচত অসমীয়া সত্বাই ভাৰতীয় সত্বাৰ সৈতে বিলীন হৈ একেস্বৰে বিৰল দেশাত্মবোধেৰে স্বাধীনতাৰ জয় গান গাবলৈ আৰম্ভ কৰিছিল। ভাৰতীয় চেতনাৰে উজ্জীৱিত স্বাধীনতা সংগ্ৰামৰ অসমত গুৰি ধৰোঁতাসকলৰ অন্যতম আছিল তেজপুৰৰ শ্ৰীশ্ৰী নিকামূল সত্ৰৰ অধিকাৰ গহণ চন্দ্ৰ গোস্বামী ৷

তেখেতৰ পূৰ্বসূৰী অসমৰ স্বাধীনতা সংগ্ৰামৰ মূল হোতা চন্দ্ৰনাথ শৰ্মাৰ মৃত্যুত মহাত্মা গান্ধীয়ে চন্দ্ৰনাথ শৰ্মাৰ দেশ হিতৈষী চেতনা সমগ্ৰ ভাৰতৰে চেতনা হোৱা উচিত বুলি কৰা মন্তব্য স্মৰণ কৰি মহাত্মা গান্ধীয়ে সপোন দেখা স্বাধীনতাৰ পৰৱৰ্তী ভাৰতৰ বৰ্ণহীন সমাজ এখনৰ সপোন বৃটিছৰ আমোলত কাৰাবাস খটা আৰু গৃহবন্দী হোৱা সত্ৰাধিকাৰ গহন চন্দ্ৰ গোস্বামীয়ে দেখিছিল৷ অনুৰূপ দেখিছিল প্ৰয়াত হেমন্ত কুমাৰ বৰুৱাইয়ো৷

লগতে তেওঁ কয়-অসমৰ যাউতিযুগীয়া ঐতিহ্য, ঐতিহ্যময়ী চৰিত্ৰ চুকাফা, চিলাৰায়,লাচিত বৰফুকন, গুৰু চাৰিজনাৰ বিষয়ে যদি আমাৰ উত্তৰ প্ৰজন্মক আমিয়েই জনোৱাৰ পৰিবেশ যদি গঢ়ি তুলিব নোৱাৰো তেন্তে বিপথগামী হৈ পৰা তেওঁলোকক সঠিক পথ দেখুৱাৰ নৈতিক অধিকাৰ আমাৰ নাথাকিব।লগতে স্বাধীনোত্তৰ কালত বিধায়ক হিচাপে জনপ্ৰতিনিধিত্ব কৰা স্বাধীন সংগ্ৰামী গহণ চন্দ্ৰ গোস্বামীৰ সাংস্কৃতিক পৰিক্ৰমাৰ বিষয়েও সংক্ষেপে আলোকপাত কৰে ময়ূৰ বৰাই।

উল্লেখ্য যে,প্ৰতিকূল বতৰকো নেওচি তেজপুৰৰ বিদ্বৎ সমাজৰ লগতে দৰংমহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থী উপস্থিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে হেমন্ত কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে হেমন্ত কুমাৰ বৰুৱাৰ সহধৰ্মিনী হিমাদ্ৰী বৰুৱাই।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য, ড° ভুবনেশ্বৰ চহৰীয়া, ৰবীন্দ্ৰ নাথ শৰ্মা, বিশিষ্ট বুৰঞ্জীবিদ ভূৱন চন্দ্র গগৈ, অৱসৰপ্ৰাপ্ত অধ্যাপক মনোৰঞ্জন শৰ্মা, মিনু দেৱী, গল্পকাৰ মাণিক বৰা, বিশিষ্ট ক্ৰীড়াবিদ পংকজ বৰাকে ধৰি যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ধৰ্মৰত্ন গহণ চন্দ্ৰ গোস্বামীৰ নাতি- নাতিনী তথা বিশিষ্ট সমাজকৰ্মী মুকুল গোস্বামী আৰু অঞ্জলী কলিতাই পৰিয়ালবৰ্গৰ হৈ সুবক্তা ময়ূৰ বৰাক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে স্থানীয় স্বামী বিবেকানন্দ অধ্যয়ন কেন্দ্ৰৰ তৰফৰ পৰা জ্যেষ্ঠ অধিবক্তা অনন্ত গোস্বামীয়ে স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবি প্ৰদানেৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷

Comments (0)
Add Comment