দৰঙত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত বিশ্বাস যাত্ৰাৰ (তৃতীয় পৰ্যায়) ৰেলী

বিশ্বাস যাত্ৰাৰ (তৃতীয় পৰ্যায়) অংশ হিচাপে সোমবাৰে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাই দৰং জিলাত বাইক ৰেলীৰ নেতৃত্ব দিয়ে। মহিলাৰ সুৰক্ষা, মৰ্যাদা আৰু সৱলীকৰণৰ ওপৰত জনসচেতনতা শক্তিশালী কৰাৰ লক্ষ্যৰে “আপোনাৰ কণ্ঠ, আপোনাৰ সুৰক্ষা” শীৰ্ষক বিষয়ৰে ‘বেটি বচাও, বেটি পঢ়াও’ পদক্ষেপৰ অধীনত আয়োজন কৰা হয় এই ৰেলী।

ইয়াৰ পিছতে আয়োগৰ অধ্যক্ষ গৰাকীয়ে দৰং জিলা আয়ুক্তৰ কার্যালয়ত উপস্থিত হৈ এখন সজাগতা সভাত অংশগ্ৰহণ কৰে। সভাত মহিলা কোষসমূহ সকলো পৰ্যায়তে সক্ৰিয় হৈ থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অধ্যক্ষ গৰাকীয়ে কয় যে মহিলাসকলে যাতে ইয়াৰ জৰিয়তে তেওঁলোকৰ অসুবিধাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত সুবিধা পায়। সকলো প্ৰশাসনিক পৰ্যায়তে মহিলা কোষক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাত চৰকাৰী কাৰ্যালয়ত আভ্যন্তৰীণ অভিযোগ সমিতি (Internal Complaints Committees) আৰু স্থানীয় অভিযোগ সমিতি (Local Complaints Committees) গঠন আৰু ফলপ্ৰসূ কাৰ্যকলাপকে ধৰি মহিলা সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মহিলাসকলৰ অভাৱ-অভিযোগ সময়মতে সমাধান সুনিশ্চিত কৰিবলৈ জিলা, মহকুমা আৰু ব্লক পৰ্যায়ৰ মহিলা কোষ, ৱান ষ্টপ চেণ্টাৰ আৰু শক্তি সাধনৰ সুবিধাসমূহৰ প্ৰসাৰ আৰু ফলপ্ৰসূতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।সভাত জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতী, জেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্য সচিব অন্তৰা গগৈ, মঙলদৈ পৌৰসভাৰ পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, অসম গৌৰৱ বঁটাপ্ৰাপক মীনাক্ষী দাসকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু প্ৰতিনিধি উপস্থিতি থাকে।

আবেলি মঙলদৈৰ সৈনিক ভৱনত অনুষ্ঠিত হোৱা আন এখন সজাগতা সভাত অংশগ্ৰহণ কৰে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাই। শিশু উন্নয়ন প্ৰকল্প বিষয়া, চুপাৰভাইজাৰ, আশা আৰু অংগনবাড়ী কৰ্মী, কিশোৰী সেৱিকা GOT, গাওঁ প্ৰধান, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আদিয়ে অংশগ্ৰহণ কৰা উক্ত সভাত অধ্যক্ষগৰাকীয়ে ১৮১ টোল ফ্ৰী হেল্পলাইনৰ বিষয়ে
আলোকপাত কৰি দুৰ্দশাগ্ৰস্ত মহিলাসকলক তাৎক্ষণিক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰে তাৰ ওপৰত ভাষণ ৰাখে। মহিলাৰ অধিকাৰ, সুৰক্ষা বা হাৰাশাস্তিৰ সৈতে জড়িত অভিযোগসমূহ হোৱাটছএপৰ জৰিয়তে ৯৪৩৫১ ৯৬২৬৩ নম্বৰত প্ৰেৰণ কৰিব পাৰে আৰু পৰিচয় আৰু তথ্যৰ গোপনীয়তা ৰখা হয় বুলি তেওঁ জনায়। মহিলা সকলক সজাগ হ’বলৈ আহ্বান জনায় অধ্যক্ষ গৰাকীয়ে।

সভাত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী , মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত কুমাৰ দাস, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ তথা মঙ্গলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, বিভিন্ন ক্ষেত্ৰৰ অগ্ৰণী মহিলাসকল উপস্থিত থাকে।

ইয়াৰ পূৰ্বে আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত অসম ৰাজ্যিক মহিলা আয়োগৰ দলটোৱে জিলাখনৰ সখী ৱান ষ্টপ চেণ্টাৰত উপস্থিত হৈ প্ৰদান কৰা সা-সুবিধা আৰু সেৱাসমূহ পৰ্যালোচনা কৰে।আয়োগৰ অধ্যক্ষ গৰাকীয়ে মঙলদৈ জিলা কাৰাগাৰো পৰিদৰ্শন কৰে আৰু মহিলা কয়দীসকলৰ লগত মত বিনিময় কৰে।

Comments (0)
Add Comment