ধিঙত প্ৰাক আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন

অহা ৮ মাৰ্চত সমগ্ৰ বিশ্বতে উদযাপন হব আন্তৰাষ্ট্ৰীয় নাৰী দিৱস। এই নাৰী দিৱসৰ প্ৰাকমুহূৰ্তত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত শিক্ষা, স্বাস্থ্য আৰু সামাজিক জীৱনৰ উত্তৰণৰ বাবে অগ্ৰনী ভূমিকা গ্ৰহণ কৰা এক সংস্থা এনইএইড(NEAID) আৰু বিশ্ব যুৱ কেন্দ্ৰৰ উদ্যোগত নগাঁও জিলাৰ ধিং মহাবিদ্যালয়ত শনিবাৰে ভিন্ন কাৰ্যসূচীৰে প্ৰাক আন্তৰাষ্ট্ৰীয় নাৰী দিৱস-২০২২ৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ধিং মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটিত সভাপতিত্বত কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই। অধ্যাপক ডম্বৰুধৰ কাকতিয়ে আঁত ধৰা অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী ডা০ জয়শ্ৰী পাঠকে “সমাজ উত্তৰণৰ বাবে নিজৰ ঘৰখনৰ পৰা সংস্কাৰ সাধন কৰিব লাগিব। নিজৰ পিতৃ-মাতৃ হৈছে জীৱন্ত ভগৱান সদৃশ। সকলোৱে নিজৰ পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধাশীল হলে, তেওঁলোকৰ আদৰ্শ গ্ৰহণ কৰিলে সমাজ সুন্দৰ হব” বুলি বক্তব্যত প্ৰকাশ কৰে। আন এগৰাকী সন্মানীয় অতিথি ননৈ মহাবিদ্যালয়ৰ অধ্যাপিকা কবিতা কুশ্ৰেয়ে “ভাৰতীয় সভ্যতা-সাংস্কৃতিত নাৰীৰ আৱদানৰ কথা সুঁৱৰি, বৰ্তমান নাৰী-পুৰুষ সকলোৱে সমানে হাতত হাত ধৰি আগবাঢ়িলেহে সমাজ প্ৰগতিশীল হব” বুলি ভাষন প্ৰদান কৰে।” বন্তি প্ৰজ্বলন, সমবেত সংগীত, সত্রীয়া নৃত্য, ছুটি ছবি প্ৰদৰ্শন আদি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটিতে ধিং মহাবিদ্যালয় আৰু কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, বটদ্ৰৱাৰ ছাত্ৰী সকলৰ মাজত লিংগ সমানতা আৰু সুন্দৰ ভবিষ্যত শীৰ্ষক বিষয়ৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। শেষত নইএইডৰ প্ৰশিক্ষক দিব্যজ্যোতি বৰুৱাই শলাগৰ শৰাই আগবঢ়ায়।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment