নগাঁৱত ড° বি আৰ আম্বেদকাৰৰ ১৩১ সংখ্যক জন্ম জয়ন্তী উদযাপন

অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসম, ভাৰত মুক্তি মৰ্চা অসমৰ উদ্যোগত আজি নগাঁৱত ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰৰ ১৩১ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে। সেই উদ্দেশ্যে নগাঁৱৰ জিলা পুথিভড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ দাসে। ড° বি আৰ আম্বেদকাৰৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটিও উদযাপন কৰে। মুকলি সভাত আদৰণি ভাষণ ৰাখে ভাৰত মুক্তি মৰ্চাৰ অসম শাখাৰ সম্পাদক জয়ন্ত মোহন দাসে। সভাত মুখ্য অতিথিৰ ভাষণ ৰাখে ভাৰত মুক্তি মৰ্চাৰ ৰাষ্ট্ৰীয় প্ৰচাৰক বিজয় কুমাৰ সিঙে। সভাত সন্মানীয় অতিথি হিচাপে নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি ক্ষিতিশ দাস, মহকুমা অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ নৰেন দাস, নিত্যনন্দ দাস, প্ৰদীপ কলিতা, নবীন জহৰিছ, পাপু দত্ত, লক্ষন হীৰাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুকলি সভাতে জয়ন্ত মোহন দাসৰ ” আম্বেদকাৰৰ অমৃতবাণী আৰু প্ৰাসংগিক আত্মকথা” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয়। এই অনুষ্ঠানতে ভাৰত ভুষন ৰাষ্ট্ৰীয় বঁটা প্ৰাপক পদুম প্ৰসাদ শইকীয়া আৰু বিশিষ্ট ডিজাইনাৰ উৎপল কুমাৰ বণিয়াক অনুষ্ঠানৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Comments (0)
Add Comment