নগাঁৱৰ অহোমগাঁৱত তিৱা সাহিত্য সভাৰ সজাগতা সভা সম্পন্ন

তিৱা ভাষা-সাহিত্যৰ উন্নয়ন আৰু বিকাশৰ উদ্দেশ্য আগত ৰাখি তিৱা মাথনলাই তখ্ৰা (তিৱা সাহিত্য সভা)ৰ উদ্যোগত নগাঁও জিলাৰ আহোমগাঁৱৰ নাট্য মঞ্চত এক বৰ্ণাঢ্য পৰিবেশত দিনজোৰাকৈ তিৱা সাহিত্য সভাৰ সজাগতা সভা সম্পন্ন হৈ যায় ৷তদুপলক্ষে পুৱা এই অনুষ্ঠানৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰা হয়৷ সভা খনত অঞ্চলটোৰ কেইজনমান কৃৰ্তিমান ছাত্ৰ-ছাত্ৰীক সম্বন্ধনা জনাই সাহিত্য সভাই। আহোমগাঁও শাখা সাহিত্য সভাৰ সভাপতি উত্তম চন্দ্ৰ দেউৰীৰ সভাপতিত্বত চলা সভা খনত তিৱা সাহিত্য সভাৰ নগাঁও জিলা সমিতিৰ সভাপতি বীৰেন লালুং, তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপেন্দ্ৰনাথ বৰদলৈ, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি শৰৎ পাটৰ আমচি, কেন্দ্ৰিয় সমিতিৰ সম্পাদক বিদ্যুৎ বিকাশ সেনাপতি, নগাঁও জিলা সমিতিৰ সম্পাদক বলীন্দ্র ডেকাৰজা, বিষ্ণু বৰদলৈ, সোনাৰাম পাটৰ, শৰৎ পাটৰ, চিত্ৰৰাম দেউৰীৰ লগতে অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment