নগাঁৱৰ জাজৰিত আন্তৰ্জাতিক ড্ৰাগছ বিৰুদ্ধি দিৱস উদযাপন

আজি ২৬ জুন। আজি আন্তৰ্জাতিক ড্ৰাগছ আসক্তি আৰু সৰবৰাহ বিৰুদ্ধি দিৱস। বুঢ়াগোঁহাই পি এইছ চিৰ উদ্যোগত জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ সহযোগত ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্যক্ৰমৰ অংশ হিচাপে নগাঁৱৰ জাজৰিত ইয়াৰ এখন সজাগতা মূলক সভা অনুষ্ঠিত হয়। দক্ষিণ জাজৰিৰ ঘন স্মৃতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত সমল ব্যক্তি হিচাপে ড্ৰাগছৰ আসক্তি, সৰবৰাহ, প্ৰতিৰোধ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে। ডা: জয়শ্ৰী পাঠকে উদ্দেশ্য ব্যাখ্যা দাঙি ধৰা সভাখনত ডা: পংকজ বৰুৱা, ডা: কুমুদ বৰা, ফাৰ্মাচিষ্ট ৰমজান আলি, এ বি পি এম জয়ন্ত ভূঞাই উপস্থিত শতাধিক ছাত্র-ছাত্রীক ড্ৰাগছৰ বিষয়ে বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে সজাগতা সভাখনত অংগনবাদী কৰ্মী-সহায়িকা সকল, আশা কৰ্মী সকল আৰু শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে। অনুষ্ঠানৰ শেষত ছাত্র-ছাত্রী সকলৰ মাজত এখনি চিত্রাংকন প্ৰতিযোগীতা অনুষ্ঠিত কৰে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment