নগাঁৱৰ তেঁতেলিসৰাত জিৰণিৰ উদ্যোগত ভূমিকম্পৰ সজাগতা সভা

নগাঁও জিলাৰ কামপুৰ তেঁতেলিসৰা গাঁৱত বেচৰকাৰী অনুষ্ঠান “জিৰণি”ৰ উদ্ব্যোগত আৰু নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত ভূমিকম্প বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ সভাত সভাপতিত্ব কৰে কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, প্ৰবীন সাংবাদিক সভাৰাম মজুমদাৰে ৷ কামপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ হৈ যোগেশ গৌড়ে ভূমিকম্পৰ সময়ত সজাগতাৰ বিষয়ে ৰাইজক অবগত কৰে ৷ সভাত বিশিষ্ট সমাজকৰ্মী সৎৰাম দাস, তেঁতেলিসৰা গাওঁৰক্ষী বাহিনীৰ সভাপতি যতীন দাস আৰু সম্পাদক জিতুমনি দাস,সৰ্পবন্ধু বাপধন দাস,সমাজকৰ্মী সূৰ্য্য দাস,জিতেন ৰাজখোৱা,কমলেশ্বৰ বায়ন,জয়ৰাম দেউৰী,প্ৰভাত চন্দ্ৰ দাসে ভূমিকম্পৰ সময়ত ৰাইজক সুস্থিৰ সিদ্ধান্ত লবলৈ আহ্বান জনায় ৷ ৰাইজক সজাগ কৰিবলৈ উপস্থিত সকলোৱে এক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷ বেচৰকাৰী অনুষ্ঠান “জিৰণি”ৰ এনে পদক্ষেপক সভাপতি সভাৰাম মজুমদাৰৰ লগতে উপস্থিত সকলোৱেই প্ৰশংসা কৰে৷
বাতৰি যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment