নতুন দিল্লীত অসম সাহিত্য সভাৰ কাৰ্যালয় স্থাপন কৰাৰ ঘোষণা

অসম সাহিত্য সভাৰ সভাপতি সূৰ্য্য হাজৰিকাই বুধবাৰে গুৱাহাটীৰ সাহিত্য সভা ভৱনত এক সংবাদ মেল সম্বোধন কৰে।

সভাপতি সূৰ্য্য হাজৰিকাই অসম সাহিত্য সভাৰ আগন্তুক দিনৰ পৰিকল্পনাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে।
জানিব পৰা মতে অসমৰ বহু বৰ্ৰণ্য ব্যক্তিৰ বহু গ্ৰন্থ সংকলন সাহিত্য সভাৰ প্ৰত্ৰিকাও পুনৰ প্ৰকাশ কৰাৰ লগতে অসমীয়া আৰু ইংৰাজী ভাষাৰ অভিধান অধ্যয়নৰ এটা বিশেষ দিন অনুষ্ঠিত কৰিব।

বাণিজ্য বিশ্ব কোষ আৰু কৃষি বিশ্ব কোষো স্থাপন কৰাৰ কথাও সংবাদমেলত সভাপতি গৰাকীয়ে জানিব দিয়ে।লগতে নতুন দিল্লীত অসম সাহিত্য সভাৰ কাৰ্যালয় স্থাপন কৰাৰ কথা এক বৃহৎ ঘোষণা কৰে সভাপতি মহোদয়ে। লগতে, এটা সংগ্ৰহালয়, এটা অত্যাধুনিক পুথিভৰাল আৰু অভিলেখাগাৰ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে।আনহাতে অসম সাহিত্য সভাই ৪৩ জনীয়া এখন কাৰ্য্যনিৰ্বাহক কমিটিও বুধবাৰে ঘোষণা কৰে।

Comments (0)
Add Comment