নলবাৰীত নিৰ্মাণ হৈছে শিৱৰ সু-উচ্চ মূৰ্তি

নলবাৰীৰ মহালক্ষ্মী সঞ্চয় আৰু ঋণ দান সমবায় সমিতিৰ উদ্যোগত ইয়াৰ শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ খাৰঝাৰা আশ্ৰমৰ সমীপৰ শ্মশান ভূমিত নিৰ্মাণ কৰা হৈছে ভগৱান শিৱৰ সুউচ্চ শিৱ মূৰ্তি।এই শিৱ মূৰ্তিটোৰ উচ্চতা ৯১ফুট।অহা ১৮ ফেব্ৰুৱাৰীৰ মহা শিৱৰাত্রীৰ দিনা এই শিৱ মূৰ্তিটোৰ উন্মোচন হ’ব।

চিমেণ্ট আৰু শিলেৰে এই সু উচ্চ শিৱ মূৰ্তি নিৰ্মাণ কৰিছে খনিকৰ প্ৰদীপ পালে।এই সু উচ্চ শিৱ মূৰ্তি উন্মোচন হোৱাৰ পিছতে ৰাজ্যখনৰ পৰা হেজাৰ ভক্ত, দৰ্শনাৰ্থীৰ সমাগম ঘটিব আশা কৰা হৈছে। অলপতে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এক সংবাদ মেল সম্বোধন কৰি উদ্যোক্তা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কয় যে- এই মূৰ্তিটোৱে এছিয়া মহাদেশৰ ভিতৰত ষষ্ঠ স্থান অধিকাৰ কৰিব।এই মূৰ্তি নিৰ্মাণত মুঠ ৪০ লাখ টকা ব্যয় হৈছে।

খনিকৰ প্ৰদীপ পালে জনোৱা মতে ২০২০ চনৰ পৰাই শিৱ মূৰ্তি নিৰ্মাণৰ কাম চলিছিল আৰু ২০ গৰাকী কৰ্মচাৰী এই মূৰ্তি নিৰ্মাণত নিয়োজিত হৈ আছে।

Comments (0)
Add Comment