নীলাচল জাতীয় বিদ্যালয়ত বিজ্ঞান দিৱস উদযাপন

নামনি কামাখ্যাস্থিত নীলাচল জাতীয় বিদ্যালয়ত উনবিংশ সংখ্যক বিজ্ঞান দিৱস অনুষ্ঠিত কৰা হয়। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই। অনুষ্ঠানত উপস্থিত থাকে গৌহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিষয়ৰ সহযোগী অধ্যাপক ডঃ প্ৰশান্ত ভট্টাচাৰ্য৷তেখেতে বিজ্ঞান দিৱস উপলক্ষ্যে বিদ্যালয়ৰ শিক্ষয়িত্ৰী মুৰ্চনা কলিতাই সম্পাদনা কৰা আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰস্তুত কৰা বিজ্ঞান বিষয়ক প্ৰাচীৰ পত্ৰিকা প্ৰজ্ঞান উন্মোচন কৰে লগতে বিজ্ঞান দিৱস উপলক্ষ্যে ছাত্ৰ-ছাত্ৰী সকলে প্ৰস্তুত কৰা বিজ্ঞানৰ প্ৰকল্প,আৰ্হি আৰু পৰীক্ষা আৰু প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰী সকলে প্ৰস্তুত কৰা পৰিৱেশ বিষয়ক আৰ্হি বিষয়ক প্ৰতিযোগিতা মূলক প্ৰদৰ্শনী মুকলি কৰে৷ বিজ্ঞান দিৱস উপলক্ষ্যে অনুষ্ঠিত সভাত ড° প্ৰশান্ত ভট্টাচাৰ্য দেৱক বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰ খনত তেওঁ আগঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা পত্ৰৰে সন্মান জনোৱা হয়৷ভাষণ প্ৰসংগত ভট্টাচাৰ্যই কয় যে মাতৃভাষাত শিক্ষাগ্ৰহণ কৰিও ছাত্ৰ-ছাত্ৰী সফলতাৰ দিশত আগবাবাঢ়ি যাব পাৰে।
তাৰেই উমান পাব পাৰি নীলাচল জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ পৰা।অনুষ্ঠানত বিজ্ঞান দিৱসৰ তাৎপৰ্য বাখ্যা কৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰী জুমি ডেকাই।উক্ত অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়ৰ সভাপতি ভূপেন্দ্ৰ শৰ্মা আৰু দুৰ্গাসৰোবৰ বিদ্যাপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জানকী বৰ্মন।বিদ্যালয়ৰ প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলকলৰ মাজত অনুষ্ঠিত পৰিৱেশৰ আৰ্হি প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয়,তৃতীয় স্থান লাভ কৰে ক্ৰমে স্মৃতি ডেকা, মনমিতা দাস আৰু হৰ্ষিতা বৰ্মন।
ক শাখাত চতুৰ্থ, পঞ্চম ,ষষ্ঠ শ্ৰেণীৰ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলকলৰ মাজত অনুষ্ঠিত বিজ্ঞানৰ পৰীক্ষা আৰু প্ৰকল্প প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয়,তৃতীয় স্থান লাভ কৰে ক্ৰমে অনুষ্কা বৰ্মন আৰু কৰ্ণাসমিতা দেৱী,প্ৰশান্ত দাস আৰু উদিপ্তা বৰপূজাৰী আৰু জ্যোতিবৰ্ণা বায়ন।

খ শাখাত সপ্তম,অষ্টম,নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলকলৰ মাজত অনুষ্ঠিত বিজ্ঞানৰ প্ৰকল্প তথা পৰীক্ষা প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে গীতুমণি ডেকা,দিলীপ কুমাৰ আৰু হিমাংশু দাস আৰু কংকনা দাস আৰু বৰফানী ডেকা।পুৰস্কাৰ প্ৰদানৰ পাছত বিদ্যালয়ৰ সভাপতি ভূপেন্দ্ৰ কুমাৰ শৰ্মা দেৱে চমু ভাষণ আগবঢ়ায়৷বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কলিতাই কয় যে হাতে কামে শিক্ষা অবিহনে বিজ্ঞান শিক্ষা আধৰুৱা৷নীলাচল জাতীয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলক তৃতীয় শ্ৰেণীৰ পৰাই হাতে কামে বিজ্ঞান শিক্ষা আহৰণত গুৰুত্ব দিয়া হয় বুলি উল্লেখ কৰে৷আজি অনুষ্ঠানত সক্ৰিয়তাৰে সহযোগ আগবঢ়োৱা বাবে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ শলাগ লয়।

Comments (0)
Add Comment