পথৰ আধাৰ শিলা স্থাপন

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত প্ৰতিটো অঞ্চলত প্ৰতি বছৰে ৫ টা সমস্যাৰ ১ টা সমস্যা দুৰ কৰিব কমতাপুৰ শায়ত্ব শাসিত পৰিষদে এই বক্তব্য পৰিষদৰ মুখ্য পাৰিষদ গোকুল বৰ্মনৰ। মঙ্গলবাৰে পুনৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ২০২১-২২ বৰ্ষৰ আৱণ্টিত পুঁজিৰ পৰা ৫ লাখ টকাকৈ ব্যয় সাপেক্ষে চাপৰ শালকোচাৰ হাপাপাৰা আৰু পুৰণা হাতীপোতাত দুটাকৈ পথৰ আধাৰশিলা স্থাপন কৰা হয়। পথ দুটাৰ শুভ উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য পাৰিষদ গোকুল বৰ্মণ আৰু পৰিষদৰ সাধাৰণ সদস্য মুকুল বৰুৱা।

Comments (0)
Add Comment