পলাশবাৰী বৰকুছিৰ তপন মালীলৈ সন্মানীয় ডক্তৰেট উপাধি আন্তঃৰাষ্ট্ৰীয় গৌতম বুদ্ধ শান্তি বঁটা

ভাৰত আৰু নেপাল চৰকাৰৰ উমৈহতীয়া ইন্দো-নেপাল লিডাৰশ্বিপ কনভেণ্টৰ উদ্যোগত নেপালৰ ৰাজধানী কাঠমাণ্ডুত অনুষ্ঠিত তৃতীয় বার্ষিক দীক্ষা সামাৰোহত গ্লোবেল চেমবার্চ অফ কমার্চ ইণ্ডাষ্ট্রী এণ্ড এগ্রিকালচাৰেল আৰু ইণ্ট্ৰিগেটেত গ্লোবেল
বিশ্ববিদ্যালয় নতুন দিল্লীয়ে পলাশবাৰীৰ তপন মালীলৈ অলপতে সন্মানীয় ডক্তৰেট উপাধি প্ৰদান কৰে।ভাৰত আৰু নেপাল চৰকাৰৰ কেইবাজনো মন্ত্ৰী আমোলাৰ লগতে ত্ৰিভুৱন বিশ্ববিদ্যালয় কাঠমাণ্ডুৰ উপাচাৰ্যৰ উপস্থিতিত মালীক ডক্তৰেট উপাধি প্ৰদান কৰা হয়। অতি গাম্ভীর্যপূর্ণ অনুষ্ঠানতেই মালীয়ে সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে দিনদয়াল উপাধ্যায় ফাউণ্ডেচনৰ সহযোগত ভগৱান গৌতম বুদ্ধ শান্তি
বঁটা ২০২৪ প্ৰদান কৰে।উক্ত অনুষ্ঠানত ভাৰত আৰু নেপালৰ আন্তঃৰাষ্ট্ৰীয় সম্পর্ক দৃঢ় হোৱাৰ ক্ষেত্ৰত বিভিন্ন দিশত আলোচনা কৰা হয়। সন্মানীয় ডক্তৰেট উপাধি আৰু গৌতম বুদ্ধ শান্তি বঁটা গ্ৰহণ কৰি মালীয়ে দুয়োখন দেশৰ সামাজিক অর্থনৈতিক উন্নয়ণ কাৰণে কাম কৰি যোৱৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে। উল্লেখ্য যে, গৌতম বুদ্ধ শান্তি বঁটা লাভ কৰা মালী হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র প্রতিনিধি। তপন মালী পলাশবাৰী সমষ্টিৰ বৰকুছি গাঁওৰ প্ৰয়াত সুবোধ মালী আৰু নিলো মালীৰ কণিষ্ঠ পুত্র। তপন মালীৰ এই সাফল্যত দক্ষিণ কামৰূপ বিভিন্ন দল সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে।

Comments (0)
Add Comment