পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ দুখীয়া লোকসকলৰ যিসকল বিভিন্ন ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহণ কৰি আহিছে তেওঁলোকক আৰ্থিকভাৱে কিছু সকাহ দিয়াৰ লক্ষ্যৰে মূখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ জৰিয়তে সময়ে সময়ে ধন প্ৰদান কৰি আহিছে । ইয়াৰ অংশহিচাপে আজি সমষ্টিটোৰ কাঁহিকুছি গাওঁ পঞ্চায়তৰ সভাগৃহত সমষ্টিটোৰ জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহণ কৰি থকা ১৩৫ জন লোক আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত প্ৰায় ২০ লাখ টকাৰ চেক বিতৰণ কৰা হয়। এই উপলক্ষে অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুভাষ শৰ্মাৰ উদেশ্য বাখ্যাৰে শুভাৰম্ভ হোৱাৰ সভাখনৰ আঁত ধৰে পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীয়ে।আনহাতে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত আৰ্থিক অনুদানৰ চেকসমুহ বিতৰণ কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। চেক বিতৰণৰ অন্তত বিধায়ক কলিতাই সমষ্টিটোৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সকলোৰে আশু আৰোগ্য কামনা কৰি কয় – আন আন বহু সমষ্টিৰ দৰে বৰ্তমান পশ্চিম গুৱাহাটীটো পূৰ্বতকৈ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে
। যিটো দুখজনক আৰু বেদনাদায়ক। যাৰ বাবে ইচ্ছা থকাৰ পাছতো আশা কৰা ধৰণে আৰ্থিকভাবে সাহাৰ্য প্ৰদান কৰিব পৰা হোৱা নাই ।কিয়নো পশ্চিম গুৱাহাটীৰ দৰে এটা বৃহৎ সমষ্টিত মাত্ৰ ৫০ লাখ টকাৰ ভিতৰতে এইবেলি আৱেদন কৰা সকলোকে আৰ্থিকভাৱে সহায় কৰিব লাগিব । অবশ্যে ইয়াৰ পৰিপ্ৰেক্ষিতত আয়ুস্মান ভাৰত,অটল অমৃত যোজনা আদিৰ সুবিধা গ্ৰহণ কৰিবলৈ বিধায়ক কলিতাই উপস্থিত সকলোকে আহবান জনায়। সভাত ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন,কাঁহিকুছি গাওঁ পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া ,অগপ দলৰ নেতা ক্ৰমে -পৰেশ বৰুৱা,প্ৰণৱ দাস , ৰুবুল বৈশ্য ,গৌতম কাকতি,প্ৰভাত দলৈকে ধৰি কেবাজনো নেতা ,পঞ্চায়ত প্ৰতিনিধি উপস্থিত থাকে।