পশ্চিম গুৱাহাটীৰ আজাৰা-ৰাণীৰ মধ্যৱৰ্তী বাক্ৰাপাৰাৰ কল্লাপাৰাত নিৰ্মাণ হব ষ্টেডিয়ামসহ বহুমুখী ক্ৰীড়া প্ৰকল্প

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ক্রীড়াৰ আন্তঃগাঁথনি উন্নয়ন আৰু ক্ৰীড়াৰ এক বাতাবৰণ গঢ়ি তুলি ভিতৰুৱা অঞ্চলত থকা ক্ৰীড়া প্ৰতিভা সমূহ বিকাশৰ বাবে প্ৰতিখন জিলা-সমষ্টিত একোখনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰা হ`ব বুলি শেহতীয়াকৈ ঘোষণা কৰিছে। তাৰ অংশহিচাপে পশ্চিম গুৱাহাটীৰ গাও অঞ্চলত এখন ষ্টেডিয়ামসহ বহুমুখী ক্ৰীড়া প্ৰকল্প আৰু নগৰাঞ্চলৰ গুৱাহাটী পৌৰ নিগম এলেকাৰ পশ্চিম জালুকবাৰীৰ খানামুখ চেকগেটৰ ৰূপকোঁৱৰ হাউছিং কম্পলেক্সৰ গাতে লগা প্ৰায় পাঁচ বিঘা চৰকাৰী মাটিত এটা অত্যাধুনিক চুইমিং পুল নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে। আনহাতে ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ আজাৰা আৰু ৰাণীৰ মধ্যৱৰ্তী অঞ্চল হিচাপে পৰিচিত সজনপাৰাৰ কাষৰীয়া বাক্ৰাপাৰাৰ কল্লাপাৰাত নিৰ্মাণ হব ষ্টেডিয়ামসহ বহুমুখী ক্ৰীড়া প্ৰকল্প। এন ই চি পথৰ পৰা মাত্ৰ তিনি কিঃমিঃ নিলগৰ ৰাজহ গাঁও কল্লাপাৰাত যি স্থানত ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছে তাৰ বাবে উপৰদানী তালুকৰ ফালৰপৰা ২৫ বিঘা মাটি আগবঢ়োৱা হৈছে। উপৰদানী তালুকৰ সভাপতি অৰুণ চন্দ্ৰ বড়ো, উপ সভাপতি ৰবীন দৈমাৰী আৰু সাধাৰণ সম্পাদক ধীৰেশ্বৰ বড়োৱে জানিবলৈ দিয়া মতে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান অনুসৰি তেওঁলোকক ষ্টেডিয়ামসহ বহুমুখী ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে কমেও ২০ ৰ পৰা ২৫ বিঘা ওখ বা বানপানীৰ পৰা মুক্ত বাম মাটিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল। সেই আহ্বান অনুসৰি ডিচেম্বৰ মাহৰ শেষ সপ্তাহত বাক্ৰাপাৰাৰ কল্লাপাৰাত উপৰদানী তালুকৰ অধীনত থকা ৯৮ বিঘা মাটিৰ ২৫ বিঘা মাটি ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে আগবঢ়োৱা হয়। ইতিমধ্যে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত প্ৰস্তাৱিত ক্ৰীড়া প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰিছে। য’ত ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ কেবাজনো বিষয়া, ক্রীড়াবিদ উপস্থিত আছিল। বিধায়ক কলিতাই প্ৰকল্প নিৰ্মাণৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় ১২ কৌটি টকা আবন্টন দিয়া বুলি মুখ্যমন্ত্ৰীয়ে তেওঁক অৱগত কৰাৰ বিষয়ে সদৰি কৰিছে। আনহাতে বিধায়ক কলিতাই জানিবলৈ দিয়া মতে ইতিমধ্যে ষ্টেডিয়ামসহ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কাম-কাজ চলিত জানুৱাৰী মাহতে আৰম্ভ হব। ইয়াত মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি পূৰ্ণাংগ ষ্টেডিয়ামৰ সকলো আধুনিক সা সুবিধা উপলব্ধ হব। যত আউটডোৰ আৰু ইনডোৰ ক্ৰীড়া দুয়ো ধৰণৰ সুবিধা থাকিব। তেনেদৰে খেলুৱৈ , প্ৰশিক্ষক, কৰ্মকর্তা থকাৰ বাবে পুৰুষ-মহিলাৰ বাবে সুকীয়া হোষ্টেলৰ ব্যৱস্থা থাকিব। উল্লেখযোগ্য যে প্ৰস্তাৱিত ক্ৰীড়া প্ৰকল্পৰ স্থানলৈ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা প্ৰায় ছয় কিঃমিঃ আৰু আজাৰা ৰেলৱে ষ্টেচনৰ পৰা মাত্ৰ পাঁচ কিঃমিঃ দূৰত্ব। স্বাভাৱিকতে যোগাযোগৰ সুচল হিচাপে পৰিচিত কল্লাপাৰাত ষ্টেডিয়াম নিৰ্মাণ হলে পশ্চিম গুৱাহাটীৰ উপৰিও গাতে লগা পলাশবাৰী সমষ্টিৰ গ্ৰাম্য ক্ৰীড়া প্ৰতিভা সমূহ বিকাশৰ বাবে যথেষ্ঠ সুবিধা হব। ইতিমধ্যে যি স্থানত ষ্টেডিয়াম নিৰ্মাণ হব, অৰ্থাৎ তিনি কিঃমিঃ দূৰত্বৰ পথচোৱাৰ দুই কিঃমিঃ অংশ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তৎপৰতাত ইতিমধ্যে পেভাৰব্লকৰে নিৰ্মাণ কৰা হৈছে। বাকী মাটিৰে নিৰ্মিত প্ৰায় এক কিঃমিঃ অংশখিনী পেভাৰব্লকৰে নিৰ্মাণ কৰিলে বাৰিষা কালতো অতি সুচলভাবে যিকোনো বাহন নিব পৰা হব । উল্লেখযোগ্য যে ষ্টেডিয়ামসহ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ স্থানখিনীৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই খেলুৱৈ , ক্রীড়াবিদতো বাদেই যিকোনো লোককে অতি সহজে আকৰ্ষণ কৰিব। তেনেদৰে প্ৰকল্পটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত উপৰদানী তালুকৰ উপ সভাপতি আৰু জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰীয়ে জানিবলৈ দিয়া মতে ১৬ খন গাঁওক লৈ গঠিত উপৰদানী তাল
ুককে ধৰি কাষৰীয়া বৃহত্তৰ ৰাণী আৰু আজাৰা অঞ্চলৰো নিয়োগৰ ক্ষেত্ৰখনতো ইতিবাচক প্ৰভাৱ পৰিব। যাৰ বাবে অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজে ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ ঘোষণাক আদৰণি জনাইছে আৰু মুখ্যমন্ত্ৰী, স্থানীয় বিধায়কক শীঘ্ৰে কাম আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।

Comments (0)
Add Comment