পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান

পশ্চিম গুৱাহাটীৰ ৰাণীৰ সমীপৰ বিক্ৰমপুৰৰ বাসিন্দা তথা টেলিভিছন চেনেল প্ৰাগ নিউজৰ মিৰ্জা – গুৱাহাটী বিমানবন্দৰৰ পৰা ২০১০ চনৰ পৰা সাংবাদিকতা কৰি অহা জোন ৰাভাক প্ৰাগ নিউজৰ ২০২৩-২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছে । ১৮ জানুৱাৰীৰ দিনা সন্ধিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যানত আয়োজিত প্ৰাগ সতীৰ্থ সহায় ন্যাসৰ চতুৰ্থ বাৰ্ষিক অধিবেশনত জোন ৰাভাক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এখন মানপত্ৰ , এটা স্মাৰক , এখন গামোচা আৰু এটা জাপি । আনহাতে তেঁওক এই বঁটা প্ৰদান কৰে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে । অনুষ্ঠানত প্ৰাগ নিউজৰ মহা প্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা , সম্পাদক খনীন্দ্ৰ কুমাৰ ডেকা , বাৰ্তা সম্পাদক নৱনীতা কলিতাকে ধৰি কেবাজনো জ্যেষ্ঠ সাংবাদিক ৷ একেটা অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৮ জন সাংবাদিকক বিভিন্ন শিতানত বঁটা সমূহ প্ৰদান কৰা হয় ৷ উল্লেখ্য যে জোন ৰাভাই পশ্চিম গুৱাহাটী সাংবাদিক সন্থাৰ প্ৰচাৰ সম্পাদকৰ দায়িত্ব বহন কৰি অহাৰ লগতে কেবাটাও প্ৰকৃতিপ্ৰেমী সংগঠনৰ সৈতেও জড়িত হৈ পৰিবেশ সংৰক্ষণমুলক কামত নিজকে নিয়োজিত কৰি ৰাখিছে।

Comments (0)
Add Comment