পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ শঙ্কৰদেৱ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ আই কিউ এ চিৰ সৌজন্যত তথা আই চি এইচ আৰৰ সহযোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত “অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ পুনৰ্জাগৰণ :: বৃহত্তৰ অসমীয়া সমাজ আৰু জাতীয়তাৰ পুনৰ চিন্তা আৰু সংস্কাৰৰ দিশত শঙ্কৰদেৱৰ ভূমিকা আৰু অৱদান (পঞ্চদশ-ষষ্ঠদশ শতিকা)” শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনৰ আজি আনুষ্ঠানিক ভাৱে সামৰণি পৰে । কালি পুৱাৰ ভাগত মহাবিদ্যালয়খনৰ নতুন সভাকক্ষত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানটোৰ আৰম্ভণিতে আলোচনা চক্ৰখনৰ উদ্দেশ্য সন্দৰ্ভত অৱগত কৰে আলোচনা চক্ৰখনৰ সমন্বয়ক ডঃ মধুলিমা চলিহাই । মহাবিদ্যালয়খনৰ ছাত্ৰী প্ৰিয়ঙ্কা শইকীয়াই পৰিৱেশন কৰা এটি বৰগীতেৰে শুভাৰম্ভণি কৰা অনুষ্ঠানটোত উপস্থিত থাকি মহাবিদ্যালয়খনৰ অধ্যক্ষা ডঃ মনীষা ভট্টাচাৰ্যই উপস্থিত সকলোকে আদৰণি জনাই শৈক্ষিক-সামাজিক আৰু গৱেষণা দিশত মহাবিদ্যালয়খনে ইতিমধ্যে গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কত অৱগত কৰে । ইয়াৰ পিছত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডঃ দিলীপ কুমাৰ কলিতাই ভাষণ প্ৰসংগত শঙ্কৰদেৱ অধ্যয়ন কেন্দ্ৰই এনে ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আয়োজন কৰাৰ বাবে মহাবিদ্যালয় পৰিয়ালবৰ্গৰ শলাগ লয় । ইয়াৰ সমান্তৰালকৈ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ শঙ্কৰদেৱ অধ্যয়ন কেন্দ্ৰৰ বিষয়ে অৱগত কৰে আলোচনা চক্ৰখনৰ সহকাৰী সমন্বয়ক তথা শঙ্কৰদেৱ অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক ডঃ হিমাশ্ৰী বৰ্মনে ।উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট লেখক তথা সমালোচক ময়ুৰ বৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ প্ৰসংগ দাঙি ধৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশাল পাণ্ডিত্যৰাজি সন্দৰ্ভত এক মননশীল বক্তব্য প্ৰদান কৰে।
আনহাতে অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি উচ্চ শিক্ষা বিভাগৰ সঞ্চালক পমী বৰুৱাই ভাষণ প্ৰসংগত কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এগৰাকী ধৰ্ম প্ৰচাৰকেই নাছিল, তেওঁ আছিল এগৰাকী চিৰনমস্য মনীষী, দাৰ্শনিক তথা সুবিশাল পাণ্ডিত্যৰ অধিকাৰী । শ্ৰীমন্ত শংকৰদেৱৰ অৱদানে অসমীয়া ভাষা সাহিত্য আৰু সমাজ সংগঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । আমি আমাৰ সমাজ জীৱনত সদায়েই গুৰু জনাৰ আদৰ্শৰে প্ৰভাৱান্বিত হ’ব লাগে । লগতে অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অশোক বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ কনক চন্দ্ৰ চহৰীয়া আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক নিৰঞ্জন কলিতাই শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজি সন্দৰ্ভত এক তত্বগধুৰ বিশ্লেষণ আগবঢ়ায় । উল্লেখনীয় যে কালি অনুষ্ঠিত আলোচনা চক্ৰখনৰ মূল বক্তৃতাটো সুদূৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা অনলাইন যোগে প্ৰদান কৰে অধ্যাপক ডঃ অংকুৰ বৰাই । ইয়াৰ পিছত কেবাগৰাকী সমল ব্যক্তিৰ তত্বাৱধানত অনুষ্ঠিত চাৰিখন আলোচনা সত্ৰত কেবাগৰাকী অধ্যাপক, গৱেষক তথা শিক্ষাৰ্থীয়ে গৱেষণা পত্ৰ পাঠ কৰে । ইপিনে আজি পুৱাৰ ভাগত দ্বিতীয় দিনাৰ কাৰ্যসূচী মহাবিদ্যালয়খনৰ অধ্যক্ষা ডঃ মনীষা ভট্টাচাৰ্যই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰাৰ পিছত দুখন আলোচনা সত্ৰত কেবাখনো গৱেষণা পত্ৰ পাঠ কৰাৰ লগতে কেবাগৰাকী সমল ব্যক্তিৰ তত্বাৱধানত দুখন বৈঠক অনুষ্ঠিত হয় । বিয়লি অধ্যক্ষা ডঃ মনীষা ভট্টাচাৰ্যৰ সঞ্চালনাত অনুষ্ঠিত সামৰণি অনুষ্ঠানটোত পৰিচালনা সমিতিৰ সভাপতি ডঃ দিলীপ কুমাৰ কলিতাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰাৰ লগতে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য গৱেষণা পৰিষদৰ সভাপতি ডঃ জগত চন্দ্ৰ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ দেবহৰি তালুকদাৰ আৰু ডঃ পাপুল চাংমাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । আনহাতে মুখ্য বক্তা হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ঈশাংকুৰ শইকীয়াই “নামঘৰ : দক্ষতা বিকাশ আৰু পূৰ্ণ মানৱ গঢ় দিয়া কেন্দ্ৰ” শীৰ্ষক মূল বক্তৃতাটো প্ৰদান কৰে । অনুষ্ঠানটোৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ভক্তিমূলক গীত, সত্ৰীয়া নৃত্য পৰিৱেশন কৰে । সামৰণি অনুষ্ঠানটোত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনত অংশ লোৱা প্ৰতিনিধিসকলক আনুষ্ঠানিক ভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে দুদিনৰ আলোচনা চক্ৰখনত মুঠ ১৪০ গৰাকীয়ে গৱেষণা পত্ৰ পাঠ কৰে । অনুষ্ঠানটোৰ অন্তত শঙ্কৰদেৱ অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক ডঃ হিমাশ্ৰী বৰ্মনে সামগ্ৰিক ভাবে অভিনন্দনসূচক বক্তব্য প্ৰদান কৰাৰ পিছত শলাগৰ শৰাই আগবঢ়াই সমন্বয়ক ডঃ মধুলিমা চলিহাই।