পূৰ্বতে নামঘৰ পুনৰ্নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন ; মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত নামঘৰৰ অতিথিশালা নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰক আহ্বান

চুবুৰীয়া ৰাজ্যৰ মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা তথা গুৱাহাটীৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ নিলগত থকা গাঁও কেইখনৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্ৰমে – বৰগাং, নালাপাৰা , নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও ।এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, মেঘালয় চৰকাৰৰ শক্তি বিভাগৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ অভিযন্তা মনীন ৰাজাই জানিবলৈ দিয়া মতে অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সাহিত্য – সংস্কৃতিৰ চৰ্চা কৰি আহিছে। আনকি মহাপুৰুষ দুজনাৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে শ্বিলঙৰ শংকৰ মিছনৰ অধীনত ১৯৬১ চনত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল এটা নামঘৰ। পৰৱৰ্তী ২০০৫ চনত তাত শংকৰ সংঘৰ উদ্যোগত শংকৰদেৱ প্ৰাথমিক শাখা এটা স্থাপন কৰি নামঘৰটো শাখাৰ অধীনলৈ অনা হয়। একেদৰে নামঘৰ , সত্ৰ , মণিকূট অসমীয়া সমাজৰ অভিন্ন অংগ হোৱা বাবে এই সন্দৰ্ভত তাৰ মণিকূটসহ নামঘৰটো পুৰণি হৈ ব্যৱহাৰৰ প্ৰায় অনুপযোগী হৈ পৰা বাবে তাৰ লগতে চৌহদৰ উন্নয়নৰ বাবে ২০২২ চনৰ ডিচেম্বৰ মাহত নামঘৰ পৰিচালনা কমিটীৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ প্ৰধান প্ৰেছ সচিব ধ্ৰুৱ মহন্তৰ জৰিয়তে যোগাযোগ কৰি আৰ্থিক সাহায্য প্ৰদানৰ বাবে অনুৰোধ জনোৱা হৈছিল। প্ৰধান প্ৰেছ সচিব ধ্ৰুৱ মহন্তই বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি ততালিকে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰোৱাত মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাক তাৰ নামঘৰ কমিটীৰ সৈতে যোগাযোগ কৰি আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। সেই অনুসৰি তাৰ কিছুদিন পাছত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত মন্ত্ৰী পীযুষ হাজৰিকাই কমিটীৰ সৈতে যোগাযোগ কৰি মাৰঙালৈ আহি মণিকূটসহ নামঘৰ চৌহদৰ বুজ লয় আৰু চৌহদৰ উন্নয়নৰ বাবে দুই লাখ টকাৰ এক আৰ্থিক সাহায্য প্ৰদান কৰে । মন্ত্ৰী হাজৰিকাই তাত ৰাইজক পৰৱৰ্তী সময়ত চৌহদৰ উন্নয়নৰ বাবে আৰু ধনৰ প্ৰয়োজন হলে পুনৰ তেওঁক অৱগত কৰিবলৈও আহ্বান জনায়। ইফালে মন্ত্ৰী হাজৰিকাই প্ৰদান কৰা দুই লাখ টকাৰ লগতে ৰাইজ আৰু শুভাকাংক্ষীৰ পৰা সংগ্ৰহীত দান – বৰঙণিৰে ১৫০ জন লোক বহিব পৰাকৈ নামঘৰসহ মণিকূটটো পুনৰ নিৰ্মাণ কৰি নতুন ৰূপ দিয়া হয়। এই উপলক্ষে মাৰঙা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি জয়মালা বিনং লংডো , উপদেষ্টা মনীন ৰাজা, মহেশ্বৰ মাজং আৰু আতুল ৰাজা , সম্পাদক যোগেশ মাৰৱেটকে কৰ্মকৰ্তাসকলে জানিবলৈ দিয়া মতে নামঘৰসহ মণিকূট নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা তৎপৰতা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই নিজে আহি বহু মূল্যবান সময় ৰাইজৰ সৈতে কটায় আৰ্থিক সাহায্য প্ৰদান কৰা বিষযটোৰ শলাগ লৈছে। কিন্তু চৌহদত বাহিৰৰ পৰা অহা ভকত, বৈষ্ণৱ, আই, বাপ আদিৰ থকা-মেলাৰ সুবিধাৰ বাবে এটা অতিথিশালা নিৰ্মাণ কৰাৰ বাবে প্ৰয়োজনীয়তা আহি পৰিছে। যাৰ বাবে অঞ্চলটোৰ ৰাইজে পুনৰ নামঘৰ চৌহদত এটা অতিথিশালা নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাৰ তৎপৰতা কামনা কৰিছে । উল্লেখ্য যে অসমৰ নামঘৰত মহিলা বা আয়তী সকলে প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে যেনেকৈ নাম ধৰে বা নাম – প্ৰসংগ পৰিৱেশন কৰি আহিছে, তাতো তেনেকৈ নাম -প্ৰসংগ পৰিৱেশন কৰা হয়। আনকি মাৰঙাত নামঘৰত মহাপুৰুষ দুজনাৰ স্মৃতিত জন্ম – মৃত্যু তিথিৰ উপৰিও পৱিত্ৰ ভাদ মাহৰ এমহীয়া নাম – প্ৰসংগ কৰি অহা হৈছে। তেনেদৰে অঞ্চলটোৰ সৰবৰহী ব্যক্তি, সমাজসেৱক থনে ৰাজাই জানিবলৈ দিয়া মতে নামঘৰ অসমৰ সমাজ জীৱনৰ অভিন্ন অংগ স্বৰূপ আৰু মাৰঙাৰ বাসিন্দা সকলৰ বেছিভাগেই আৰ্থিক ভাৱে দুৰ্বল । সেয়েহে ইচ্ছা থকা স্বত্বেও ৰাইজৰ দান – বৰঙণিৰে এটা অতিথিশালা সোনকালে নিৰ্মাণ কৰাটো সম্ভৱ নহয়। সেই বাবে অসম চৰকাৰৰ ফালৰ পৰা সাহায্য প্ৰদান কৰিলেহে তাত এটা অতিথিশালা নিৰ্মাণ কৰা সম্ভব হব পাৰে। অতিথিশালা নিৰ্মাণ হলে অসমৰ পৰা যোৱা অংকীয়া ভাওনা মঞ্চস্থ কৰা দল, মহিলা নামতি দল বা আন সাংস্কৃতিক গোষ্ঠীৰ তাত ৰাত্ৰী যাপন কৰি অনুষ্ঠান পৰিবেশন কৰাত সহায়ক হব।

Comments (0)
Add Comment