প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাৰ শুভাৰম্ভ

প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাৰ শুভাৰম্ভ

IMG-20170711-WA0011

মহিলা সৱলীকৰণ তথা নিৰাপত্তা সুনিশ্চিত কৰণৰ উদ্দেশ্যে আগত ৰাখি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপ অনুসৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অন্তৰ্গত দুখীয়া মহিলাক গেছৰ সংযোগ বিতৰণ কাৰ্য্যসুচী আজি খানাপাৰাৰ খেলপথাৰত অনুষ্ঠিত হয়। আজি কামৰূপ মহানগৰৰ ১০ গৰাকী দুখীয়া ৰান্ধনীক প্ৰতীকী ৰূপত চিলিণ্ডাৰ বিতৰণ কৰে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে যে গ্ৰাম্যাঞ্চলৰ দুখীয়া বহুতো ৰান্ধনীয়ে ধোঁৱাৰ প্ৰভাৱৰ বাবে দৃষ্টিশক্তি হেৰুৱাই । সেয়েহে দৰিদ্ৰ সীমাৰেখাত থকা মহিলাক এই যোজনাৰ আওতাত অনা হৈছে। যাতে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয় তথা স্বাস্থ্যও ভালে থাকে। উল্লেখযোগ্য যে দুখীয়া ৰান্ধনীৰ বাবে সৰ্বমুঠ প্ৰায় ২৬০০ টকা চৰকাৰৰ ফালৰ পৰা যোগান ধৰিব। আনহাতে প্ৰতিটো আত্মসহায়ক গোটক ২৫,০০০ টকাকৈ আৰু দিব্যাংগ সকলক ৫,৫০০ টকাকৈ এককালীন সাহাৰ্য যোগান ধৰিব। এই যোজনাৰ দ্বাৰা কামৰূপ জিলাৰ ৩০ হাজাৰ পৰিয়াল উপকৃত হ’ব। আজিৰ অনুষ্ঠানত যোগান বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী, বিজয়া চক্ৰৰ্ৱত্তী, সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্য, বিধায়ক অতুল বৰা, মেয়ৰ মৃগেন শৰণীয়া, জিলা উপাযুক্ত এম অংগমথু, অইল কোম্পানীৰ বিষয়া সকল উপস্থিত আছিল।

IMG-20170711-WA0012

Comments (0)
Add Comment