প্ৰধান মন্ত্ৰীৰ বিশেষ বঁটাৰ বাবে নিৰ্বাচিত যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন

অসামৰিক সেৱাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতাৰ বাবে যোৰহাটৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন প্ৰধান মন্ত্ৰীৰ বিশেষ বঁটাৰ বাবে মনোনীত হৈছে। দৰঙৰ জিলা উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ” প্ৰধান মন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা” ( SAUBHAGYA) আঁচনি সফল ৰূপায়ণৰ বাবে ২০১৯ বৰ্ষৰ হৈ তেওঁক উত্তৰ পূব আৰু পাহাৰীয়া জিলাৰ গ্রুপত বাছনি কৰা হৈছে। অহা ২১ এপ্ৰিলত দিল্লীত National Civil Service Day ৰ দিনা প্ৰধান মন্ত্ৰীয়ে তেওঁক এই বঁটা প্ৰদান কৰিব।

Comments (0)
Add Comment