প্ৰয়াত গীতিকাৰ লক্ষ্য বৰকটকীৰ সোঁৱৰণী ৰেডিঅ’ বিতৰণী অনুষ্ঠান সম্পন্ন

মধ্য অসম ৰেডিঅ শ্ৰোতা সংঘ এক সামাজিক, সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানটিয়ে ২০২৪ চনত জন্ম লগ্নৰে পৰা বিভিন্ন সামাজিক, সাংস্কৃতিক কাৰ্যসূচীৰে ৰেডিঅ’ক জনতাৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্রত কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। তাৰেই অংশ হিচাপে দেওবাৰে নগাঁৱৰ মধুপুৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰয়াত বিশিষ্ট গীতিকাৰ,কবি, নাট্যকাৰ লক্ষ্য প্ৰসাদ বৰকটকীৰ সোঁৱৰণত তিনিটা ৰেডিঅ’ বিতৰণ কৰে । মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ উদ্যোগত প্ৰয়াত গীতিকাৰ-কবি লক্ষ্য প্ৰসাদ বৰকটকীৰ পৰিয়ালবৰ্গৰ সহযোগত নগাঁৱৰ মধুপুৰৰ প্ৰয়াত বৰকটকীৰ বাসগৃহত অনাঁতাৰ শিল্পী দেৱ কুমাৰ শইকীয়া, ৰেডিঅ’ শ্ৰোতা নবিন ডেকা আৰু দিপ্তী শৰ্মাক এই অনাঁতাৰ ছেট প্ৰদান কৰা হয় । শ্ৰোতা সংঘৰ সঞ্চালক ৰাহুল দেৱ বৰদলৈয়ে আৰু বিপাঞ্চী বৰকটকীয়ে আঁত ধৰা অনুষ্ঠানত মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ মূখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ, লোকশিল্পী মিলেশ্বৰ ডেকা, ক্ষিৰপ্ৰভা দেৱী, বীনা শৰ্মা, নীৰু শৰ্মা, যাদৱ তামুলী, ডিকম ভট্টাচাৰ্য, বাসবী নন্দা ভট্টাচাৰ্য, বিমৃশা বাৎস, সিদ্ধাৰ্থ শৰ্মা, তন্দ্ৰালী ভূঞা, হিৰেন শৰ্মা, প্ৰনৱ শৰ্মা, কুসুম শৰ্মাকে ধৰি অৰ্ধশতাধিক গুণমুগ্ধ উপস্থিত থাকে।

বাতৰি যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment