আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত জনতা ভৱনৰ ব্লক বি-ত থকা তেওঁৰ কাৰ্যালয় সভাকক্ষত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ প্ৰতিনিধিৰ সৈতে তেওঁলোকৰ বকেয়া দৰমহা আৰু অন্যান্য আনুষংগিক সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত হয়।
বৈঠকত প্ৰতিনিধিসকলে মন্ত্ৰীগৰাকীক তেওঁলোকৰ বকেয়া দৰমহাৰ বিষয়টো অৱগত কৰাৰ লগতে দৰমহা প্ৰদানত হোৱা বিলম্বৰ ফলত কৰ্মচাৰীসকলে সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ বিষয়ে অৱগত কৰে। লগতে নিয়মীয়া দৰমহা প্ৰদান আৰু বিতৰণৰ সৈতে জড়িত বিভিন্ন সমস্যাও প্ৰতিনিধিসকলে মন্ত্ৰীগৰাকীৰ সন্মুখত দাঙি ধৰে।
বিশদ আলোচনা আৰু মত-বিনিময়ৰ অন্তত মন্ত্ৰী কৌশিক ৰায়ে প্ৰতিনিধিসকলক যোৱা পাঁচ মাহৰ বকেয়া দৰমহা অতি শীঘ্ৰে মুকলি কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। লগতে কোনো ধৰণৰ বিলম্ব নকৰাকৈ নিয়মীয়া দৰমহা মুকলি কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।
মন্ত্ৰীগৰাকীয়ে পৌৰ কৰ্মচাৰীসকলৰ সমস্যাসমূহ চৰকাৰে গুৰুত্বসহকাৰে বিবেচনা কৰিব বুলি উল্লেখ কৰাৰ লগতে সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়।
বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব তথা পৌৰ প্ৰশাসনৰ ভাৰপ্ৰাপ্ত সঞ্চালক টংকেশ্বৰ দাসৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে।