পৰিবহন ‘ই ট্ৰেন্স ২২’ শীৰ্ষক কৰ্মশালা

ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় সূচনা কেন্দ্ৰীয় সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ‘ই ট্ৰেনছ ২২’ শীৰ্ষক কৰ্মশালা হোটেল ৰেডিশ্বন ব্লুত অনুষ্ঠিত হৈছে।উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰিবহন,আবকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে অকল পৰিবহন বিভাগতেই নহয় সকলো বিভাগতেই যোগাযোগ সম্পৰ্কহীন সেৱা হ’ব লাগে।ৰাজ্য চৰকাৰে ইতিমধ্যে সচিবালয় সকলো বিভাগতে কাগজবিহীন সেৱা আৰম্ভ কৰিছে।ইয়াৰ ফলত সকলো কাম স্বচ্ছ আৰু নিকা হৈছে। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে চালকৰ অনুজ্ঞাপত্ৰ আৰু যান বাহনৰ পঞ্জীয়নৰ ক্ষেত্ৰত কোনো অসুবিধা নোহোৱাকৈ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত উপস্থিত নোহোৱাকৈ পৰিবহন বিভাগৰ অনুজ্ঞাপত্ৰ আৰু অন্যান্য ৪৫ টা সেৱা সম্পূৰ্নৰূপে অনলাইন কৰা হৈছে আৰু আধাৰিত প্ৰমানিকৰণৰ জৰিয়তে সম্পূৰ্নৰূপে যোগাযোগ সম্পৰ্কহীন কৰা হৈছে।মন্ত্ৰীগৰাকীয়ে এনেধৰণৰ প্ৰচেষ্টাৰ বাবে ৰাষ্ট্ৰীয় সূচনা কেন্দ্ৰৰ শলাগ লয়।

আজিৰ এই অনুষ্ঠানত পশ্চিমবংগৰ প্ৰধান সচিব বিনোদ কুমাৰ, অসমৰ পৰিবহন বিভাগৰ আয়ুক্ত সচিব আদিল খান, MoRTH ৰ সঞ্চালক পিযূয জৈন,ই ট্ৰেন্সপোৰ্টৰ DDG আৰু HOD পবন যোশী, সূচিত্রা প্যাৰেলাল SIO অসম,ই ট্ৰেন্সপোৰ্টৰ DDG আৰু HOD জয়দীপ সোম প্ৰমুখ্যে ৰাষ্ট্ৰীয় সূচনা কেন্দ্ৰ, পৰিবহন,আৰক্ষী আদি বিভাগৰ জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।

Comments (0)
Add Comment