বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও জিলাৰ বঢ়মপুৰ আৰু সদৰ সমষ্টিত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু মুকলি কৰে।মন্ত্ৰী হাজৰীকাই প্ৰথমতে বঢ়মপুৰ সমষ্টিৰ কামপুৰৰ ৰে’লৱে কলনীত পৌৰসভাই নিৰ্মাণ কৰা এখন উদ্যান মুকলি কৰে । অনুষ্ঠানত মন্ত্ৰী হাজৰীকাই স্থানীয় ৰাইজক উদ্দেশ্যি কয় যে বিধায়ক জিতু গোস্বামীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদৰ্শনত বঢ়মপুৰ সমষ্টিৰ বাবে সম্ভৱপৰ সকলো কাম কৰিছে ।আনহাতে বঢ়মপুৰত জলসম্পদ বিভাগৰ অধীনতে বিগত পাঁচটা বছৰত প্ৰায় ১০০ কোটি টকাৰ কাম কৰি সমষ্টিটোক বানমুক্ত কৰাৰ প্ৰয়াস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে ননৈ শ’লমাৰীত মামা বজাৰ নামেৰে এখন বজাৰ মুকলি কৰে।স্থানীয় কৃষক আৰু উদ্যোগীক সহায় কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই বজাৰত স্থানীয় মহিলাসকলে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত লাভ কৰা ধনৰাশিৰে নিজৰ ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিছে।

আজিৰ বঢ়মপুৰত আন অনুষ্ঠানসমূহৰ মাজতে মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা চাপানালা জলপ্ৰপাতলৈ যোৱা পথত মুখ্য আদৰণি তোৰণ আনুষ্ঠানিকভাৱে মুকলি কৰে ।আনহাতে চাপানলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱনিৰ্মিত বিদ্যালয় ভৱনটো উদ্বোধন কৰি এক অনুষ্ঠানত মন্ত্ৰী হাজৰীকাই কয় যে মুখ্যমন্ত্ৰীয়ে দূৰদৰ্শী নেতৃত্ব আৰু মাৰ্গদর্শনত ৰাজ্যৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ উল্লেখযোগ্য পৰিৱৰ্তন হৈছে। নতুনকৈ নিৰ্মাণ কৰা আজি উদ্বোধন কৰা ভৱনটোৱে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক আধুনিক সুবিধা প্ৰদান কৰি বৃহত্তৰ অঞ্চলটোত শিক্ষাৰ মান যথেষ্ট উন্নত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।পাছবেলা মন্ত্ৰী পীযুষ হাজৰীকাই চাপানলা চাহ বাগিচাত জগন্নাথ ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু দক্ষতা বিকাশ কেন্দ্ৰ এটা উদ্বোধন কৰে । মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যৰ চাহ জনগোষ্ঠীৰ সামাজিক-সাংস্কৃতিক উত্তৰণ তথা দক্ষতা বিকাশৰ বাবে গ্ৰহণ কৰা অভিলাষী আঁচনিৰ অধীনত জগন্নাথ ৰাজহুৱা ভৱন আৰু দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে আমাৰ চৰকাৰ চাহ বাগিচাৰ ভাই-ভনীসকলৰ কল্যাণ, সবলীকৰণ আৰু সামগ্ৰিক উন্নয়নৰ প্ৰতি সদায় দায়বদ্ধ।

সন্ধিয়ালৈ মন্ত্ৰীগৰাকীয়ে নগাঁৱত অসম চৰকাৰৰ অনুসূচিত জাতিৰ কল্যাণ সঞ্চালকালয়ৰ দ্বাৰা অনুমোদিত নগাঁও গৰুফিল্ড (ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আৰু নগাঁও বাঙ্গালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ)ত আউটড’ৰ ষ্টেডিয়ামৰ দৰ্শকৰ বাবে নিৰ্মাণ কৰা ১,৫০০ আসনযুক্ত গেলাৰীৰ উদ্বোধন কৰে । ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে নগৰখনত কলং নদীৰ ওপৰত হীৰেন ভট্টাচাৰ্য পদসেতু আৰু ইয়াৰ কাষতে জুবিন উদ্যান ৰাইজৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। উদ্যানখনত মন্ত্ৰীগৰাকীয়ে সংগীতশিল্পী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তিও উন্মোচন কৰে।

Comments (0)
Add Comment