বন মহোৎসৱ সপ্তাহ উপলক্ষে ওৰাঙৰ প্ৰয়াস এন জি অৰ ওৰাং সংগীত মহাবিদ্যালয় আৰু ওৰাং আঞ্চলিক বড়ো সাহিত্য সভা ভৱনৰ চৌহদত বৃক্ষৰোপন

বন মহোৎসৱ সপ্তাহ উপলক্ষে ওৰাঙৰ প্ৰয়াস এন জি অৰ ওৰাং সংগীত মহাবিদ্যালয় আৰু ওৰাং আঞ্চলিক বড়ো সাহিত্য সভা ভৱনৰ চৌহদত বৃক্ষৰোপন

ৰবিবাৰে ওৰাঙৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা প্ৰয়াস এন জি অই বন মহোৎসৱ সপ্তাহ উপলক্ষে বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ন কৰে। যোৱা ১ জুলাইৰ পৰা ৭ জুলাই লৈ জৈব-বৈচিত্ৰ্যৰ সংৰক্ষণেৰে সেউজ আৰু প্ৰদূষণমুক্ত অসম নিৰ্মাণৰ সংকল্পৰে ৰাজ্যত বন মহোৎসৱ সপ্তাহ পালন কৰা হৈছে। বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি ৰবিবাৰে ওৰাং সংগীত মহাবিদ্যালয় আৰু ওৰাং আঞ্চলিক বড়ো সাহিত্য সভা ভৱনত বৃক্ষৰোপন কৰে ওৰাঙৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা প্ৰয়াসে। পৰিৱেশৰ সজাগতা বৃদ্ধি কৰা আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ উদ্দেশ্যৰে প্ৰয়াস নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে বৃক্ষৰোপনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ওৰাং সংগীত মহাবিদ্যালয়ত।মাজবাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ সহযোগত বন মহোৎসৱ সপ্তাহ উপলক্ষে বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰয়াস স্বেচ্ছাসেৱী সংস্থাই। প্ৰয়াস নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে নাহৰ, বকুল, চেগুন, নিম, আমলখী, জাম, আমাৰি, শিলিখা, কৃষ্ণচূড়াৰ লগতে বহু মূল্যবান গছ পুলি ৰোপণ কৰে ওৰাং সংগীত মহাবিদ্যালয় আৰু ওৰাং আঞ্চলিক বড়ো সাহিত্য সভাৰ চৌহদত।
উল্লেখযোগ্য যে ওৰাঙ অন্যতম স্বেচ্ছাসেৱী সংস্থা প্ৰয়াসে শিক্ষা, স্বাস্থ্য, পৰ্যটন, ক্ৰীড়া, পৰিবেশ সংৰক্ষণ, কৃষি, মীন, লোক সংস্কৃতি আৰু সমাজ কল্যাণৰ দিশৰ ওপৰত কাম কৰাৰ লক্ষ্য উদ্দেশ্যেৰে আগবাঢ়িছে। বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি ৰবিবাৰে ওৰাং সংগীত মহাবিদ্যাল আৰু বড়ো সাহিত্য সভা ভৱনৰ চৌহদত বৃক্ষৰোপণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰয়াস স্বেচ্ছাসেৱী সংস্থাৰ সভাপতি যতীন ডেকা আৰু ওৰাং সংগীত মহাবিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ৰতন মোছাহাৰীয়ে।প্ৰয়াস স্বেচ্ছাসেৱী সংস্থাই ৰূপায়ণ কৰা বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থাকে ওৰাং সংগীত মহাবিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক অৰুন বৰা, প্ৰফুল্ল দৈমাৰী, দীপক বায়ন, দুলু কোচ আৰু বিজয় শংকৰ বসুমতায়ে। প্ৰয়াস স্বেচ্ছাসেৱী সংস্থাটোৱে বন মহোৎসৱ সপ্তাহ উপলক্ষে গ্ৰহণ কৰা বৃক্ষৰোপণ কাৰ্যসূচীক আদৰণি জনাই সহযোগিতা আগবঢ়ায় ওৰাং সংগীত মহাবিদ্যালয়ে।

Comments (0)
Add Comment