ভাৰত – পাকিস্তান আৰু ভাৰত – বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তা আৰু পহৰাৰ দায়িত্বত নিয়োজিত সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফে বিগত ২০২৪ বৰ্ষৰ পহিলা ডিচেম্বৰত ৫৯ টা বৰ্ষ অতিক্ৰম কৰি ৬০ টা বৰ্ষত ভৰি দিছে। ১৯৬৫ চনৰ পহিলা ডিচেম্বৰত গঠন কৰা বাহিনীটো বৰ্ত্তমান বিশ্বৰ অন্যতম সীমান্ত নিৰাপত্তা বাহিনী হিচাপে পৰিগণিত হৈছে । ইফালে বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ আজাৰা পাটগাওঁস্থিত মুখ্য কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি বিগত ২০২৪ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ এটা বছৰত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ে তেওঁলোকৰ পৰিসীমাত থকা বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অসম আৰু পশ্চিমবঙ্গৰ মুঠ ৫০৯ কিঃমিঃ এলেকাত পহৰা কাৰ্য আৰু নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ আছে । ২০২৪ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰত পৰ্যন্ত এটা বছৰত বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ ৩ টা চেক্টৰ কার্যালয়ে সীমান্তত বাংলাদেশলৈ সৰবৰাহ কৰা অৱস্থাত ৬,৫১৯ টা গৰু চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে । একে সময়তে ১,৮৬,৫৬০ কেজি চেনী, ৩০৬০.৯৪ গ্ৰাম সোণ , ৬৭,৮৫১ টা বটল ফেন্সিডাইল , ১,৬৫৫ কেজি ভাং , ১৩,৬৮১ টা য়াবা টেবলেট , ১০,০১৭ টা সুৰাৰ বটল, ২০ হাজাৰ টকাৰ নকল ভাৰতীয় টকা বা জাল নোট জব্দ কৰিবলৈ সক্ষম হৈছে । আনহাতে অভিযানত বি এছ এফে সীমান্তত ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰী – সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । বৰ্তমান গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনত থকা অসম আৰু পশ্চিমবঙ্গৰ বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৫০৯ কিঃমিঃ অংশত ৩ টা চেক্টৰৰ অধীনত ১১ টা বেটেলিয়ান নিয়োজিত হৈ আছে । ইয়াৰে ধুবুৰী চেক্টৰত প্ৰায় ৯১.৭২৬ কিঃমিঃ নদী সীমান্তত কাৰিকৰী কাৰণতে কাটাতাৰৰ বেৰ বা ফেঞ্চিং দিব নোৱাৰাৰ বাবে তাত অত্যাধুনিক প্ৰযুক্তিৰ ( Electronics Servielence ) দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে । এঘাৰ মাহত যিখিনী চোৰাং সামগ্ৰী বি এছ এফে সীমান্তত উদ্ধাৰ কৰিছে তাৰ মূল্য হব প্ৰায় ১২.৫৫ কৌটি টকা । একে সময়তে সীমান্তত থকা ভাৰতীয় নাগৰিকৰ কল্যাণৰ বাবে বি এছ এফে সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ , চাফাই অভিযান , গছপুলি ৰোপণ , কৃষক ৰাইজৰ মাজত কৃষি কাৰ্যত ব্যৱহৃত সামগ্ৰী বিতৰণ , বিদ্যালয়ৰ লগতে যুৱ সমাজৰ মাজত ক্ৰীড়া সামগ্ৰী বিতৰণ , মহিলাক চিলাই মেচিন বিতৰণ কৰি আহিছে । তেনেদৰে সীমান্তৰ সীপাৰৰ পৰা যাতে ভাৰতলৈ কোনো চোৰাং সামগ্ৰী বা অনুপ্ৰৱেশকাৰী আহিব নোৱাৰে তাৰ বাবে বাংলাদেশৰ ফালত সীমান্তত পহৰাৰ দায়িত্বত নিয়োজিত বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ ( বি জি বি ) সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি অহা হৈছে। বি এছ এফে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা কার্যত কোনোদিনে আপোচ নকৰে । অৱশ্যে বিগত বৰ্ষৰ ৫ আগষ্টত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেইখ হাচিনা চৰকাৰ পদচ্যুত হোৱাৰ পাছত বাংলাদেশত হোৱা ঘটনাপ্ৰবাহৰ ওপৰত বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰে তেওঁলোকৰ পৰিসেৱাই সামৰি লোৱা সীমান্তবৰ্তী অঞ্চলসমূহত চোকা দৃষ্টি ৰাখিছে। আনকি বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবৰ বাবে একাংশ লোকে কৰা কেবাটাও ঘটনা বি এছ এফে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে।