বাক্সা নিৰ্বাচনী জিলাৰ ভোটগণনাৰ সফল সামৰণি

১ নং কোকৰাঝাৰ আৰু ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা নিৰ্বাচনী জিলাৰ চাৰিওটা বিধানসভা সমষ্টিৰ ভোটগণনা আজি মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সফলতাৰে সামৰণি পৰে। ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শ‌ইকীয়াই ৭৯,৮৮০টা ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে। ৫২,৬০০টা ভোট লাভ কৰি বিপিএফৰ দুৰ্গাদাস বড়োৱে দ্বিতীয় স্থানত থকাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাধৱ ৰাজবংশীয়ে ১৪,৫৪১টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে। লগতে একেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শ‌ইকীয়াই ৮৬,০৪৮টা ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে। ৩৭,২৪১টা ভোট লাভ কৰি বিপিএফৰ দুৰ্গাদাস বড়োৱে দ্বিতীয় স্থানত থকাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাধৱ ৰাজবংশীয়ে ২৩,৬১৪টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে। আনহাতে ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৪১ নং মানস বিধানসভা সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে ৬৮,১৩৪ টা ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে। ৫৭,৬৪৫টা ভোট লাভ কৰি বিপিএফৰ খাম্পা বৰগয়াৰীয়ে দ্বিতীয় স্থানত থকাৰ বিপৰীতে জিএছপিৰ বিনীতা ডেকাই ১৪,২০৩টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে। লগতে ৪২ নং বাক্সা বিধানসভা সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে ৫৭,৫৪০ টা ভোট লাভ কৰি প্ৰথম স্থান লাভ কৰে। ৫৩,২৬২টা ভোট লাভ কৰি বিপিএফৰ খাম্পা বৰগয়াৰীয়ে দ্বিতীয় স্থানত থকাৰ বিপৰীতে জিএছপিৰ বিনীতা ডেকাই ২৩,৮৩২টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে।

Comments (0)
Add Comment