বান পৰিস্থিতিৰ তদাৰকীৰ বাবে ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ মুকলি ৰঙিয়া মহকুমা প্ৰশাসনৰ


বিগত কিছুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন অংশৰ লগতে ৰঙিয়া মহকুমাৰো নৈ-উপনৈসমূহৰ জলপৃষ্ঠ ঊৰ্ধ্বগামী হোৱাৰ পৰিপ্ৰেক্ষিতত সম্ভাব্য বান পৰিস্থিতিৰ তদাৰকীৰ বাবে ৰঙিয়া মহকুমা প্ৰশাসনে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এটা ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। ৰঙিয়া মহকুমাৰ সহকাৰী আয়ুক্ত অম্লান বৈশ্যৰ নেতৃত্বত ৰঙিয়াৰ আৱৰ্ত ভৱনত মুকলি কৰা এই কক্ষত নিয়োজিত কৰ্মচাৰীসকলে তিনিটা ক্ষেপত দিনটোৰ ২৪ ঘণ্টাই সেৱা আগবঢ়াব। নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ ৯৩৮৭৯-৬০৭৩১ ত যোগাযোগ কৰি বান পৰিস্থিতি সন্দৰ্ভত যিকোনো তথ্য যিকোনো সময়তে অৱগত কৰাৰ লগতে সাহায্য তথা উদ্ধাৰ অভিযানৰ বাবে প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ ৰঙিয়াৰ মহকুমাধিপতি জাবিৰ ৰাহুল সুৰেশে মহকুমাটোৰ ৰাইজলৈ আহ্বান জনাইছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Comments (0)
Add Comment