বালিপৰাৰ সদ্যপ্ৰয়াত নৰেন চন্দ্ৰ দাসৰ বাসগৃহত তিব্বত চৰকাৰৰ প্ৰতিনিধি দল

শোণিতপুৰৰ বালিপৰাৰ উদমাৰীগাঁৱৰ বাসিন্দা তথা তিব্বতীয় ধৰ্ম গুৰু দালাই লামাক ভাৰতলৈ সুৰক্ষা দি অনা পঞ্চম অসম ৰাইফলছৰ অৱসৰপ্ৰাপ্ত সৈনিক সদ্যপ্ৰয়াত নৰেন চন্দ্ৰ দাসৰ বাসগৃহত  তিব্বত চৰকাৰৰ প্ৰতিনিধিৰ দল আজি উপস্থিত হয় । আজি দাসৰ বাসগৃহত তিব্বত চৰকাৰৰ প্ৰতিনিধি
হিচাপে তিব্বত চিকয়ঙৰ সম্পাদক জিগমে চউলথ্ৰিম আৰু ফ্ৰী তিব্বত – এ ভয়চ ফৰ্ম আছাম শীৰ্ষক সংগঠনৰ আহ্বায়ক তথা প্ৰকৃতিপ্ৰেমী সংগঠন নেছাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত দাসৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে । বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়া আৰু গাঁওখনৰ সচেতন যুৱক অংকুৰ দাসে আঁত ধৰা অনুষ্ঠানটোত ভাষণ প্ৰসংগত জিগমে চউলথ্ৰিমে কয় যে দালাই লামাক তিব্বতৰপৰা নেফা সীমান্তৰপৰা সুৰক্ষিতভাৱে ভাৰতত প্ৰৱেশ কৰা সহায় কৰি তদানীন্তন সময়ত সীমান্তত অসম ৰাইফলছৰ সেনা জোৱান হিচাপে কৰ্মৰত সদ্যপ্ৰয়াত নৰেন চন্দ্ৰ দাসে যি মহানুভৱতা প্ৰদৰ্শন কৰিলে তাৰ বাবে তিব্বত চৰকাৰ চিৰ কৃতজ্ঞ । নৰেন চন্দ্ৰ দাস এগৰাকী সাহসী, নিষ্ঠাৱান সৈনিক আছিল । তেখেতৰ কৰ্মৰ বাবে আজিও আমি তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰো । নৰেন দাসৰ স্মৃতি চিৰদিন সজীৱ কৰি ৰাখিবৰ বাবে তিব্বতে সদায় পদক্ষেপ গ্ৰহণ কৰিব ।  লগতে তেখেতে দালাই লামা ভাৰতত প্ৰৱেশ কৰাৰ সময়ৰ ঘটনাৱলী, ইতিহাসৰ বিষয়েও উল্লেখ কৰে । অনুষ্ঠানত উপস্থিত থকা সৌম্যদ্বীপ দত্তই ভাষণ প্ৰসংগত কয় যে বৌদ্ধ ধৰ্ম আৰু হিন্দু ওতঃপ্ৰোতভাৱে জড়িত । বুদ্ধদেৱৰ মহান আদৰ্শৰে সমগ্ৰ বিশ্ব উবুদ্ধ । প্ৰাক্তন সৈনিক নৰেন চন্দ্ৰ দাসে সোণোৱালী ইতিহাস ৰচনা কৰি থৈ গৈছে যাৰ বাবে তেখেত প্ৰতিটো প্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰ’ব । সদ্যপ্ৰয়াত নৰেন চন্দ্ৰ দাসৰ পৱিত্ৰ স্মৃতি ফ্ৰী তিব্বত – ভয়চ ফৰ্ম আছামৰ তৰফৰপৰা উদমাৰীগাঁৱত এটি স্মাৰক নিৰ্মাণ কৰা হ’ব । লগতে নৰেন চন্দ্ৰ দাস বিষয়ক এখন স্মৃতিগ্ৰন্থও আমি সম্পাদনা আৰু ছপা কৰি উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো । নৰেন চন্দ্ৰ দাসে দালাাই লামাৰ পৱিত্ৰ সংস্পৰ্শ লাভ কৰি সমগ্ৰ ভাৰতবাসী ,অসমবাসীক গৌৰৱান্বিত কৰিলে ।  অনুষ্ঠানতেই তিব্বত চৰকাৰৰ চিকয়ং আৰু ফ্ৰী তিব্বত -ভয়চ ফৰ্ম আছামৰ তৰফৰপৰা নৰেন চন্দ্ৰ দাসৰ পৰিয়ালবৰ্গক একোখনকৈ শোকবাৰ্তা, তিব্বতীয় পৰম্পৰাগত গামোছা, দালাই লামাৰ জীৱন বৃত্তান্ত আৰু ভ্ৰমণৰ স্মৃতিজড়িত এখন গ্ৰন্থ আনুষ্ঠানিকভাৱে অৰ্পণ কৰি দাসৰ স্মাৰক নিৰ্মাণৰ বাবে এডোখৰ মাটি যোগাৰ কৰিবলৈও পৰিয়ালক অনুৰোধ জনায় । অনুষ্ঠানৰ আৰম্ভণীতে দুয়োটা সংগঠনৰ তৰফৰপৰা প্ৰয়াত নৰেন চন্দ্ৰ দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অনুষ্ঠানটোত প্ৰয়াত নৰেন চন্দ্ৰ দাসৰ সমূহ পৰিয়ালবৰ্গ, উদমাৰীগাঁও গাঁও উন্নয়ন সমিতিৰ সভাপতি-সম্পাদক , বালিপৰা প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৃন্দ , অৰুণাচল প্ৰদেশৰ টাৱাঙৰপৰা অহা বৌদ্ধ ধৰ্মীয় সমাজৰ প্ৰতিবিধিবৰ্গ , সমাজসেৱক কৈলাশ মণ্ডল, সমাজসেৱক অমিয় ডেকাৰ লগতে ভালেমান দল-সংগঠনৰ প্ৰতিনিধি, ৰাইজৰ প্ৰতিনিধি, শুভাকাংক্ষীসকল উপস্থিত থাকে।

 

Comments (0)
Add Comment