বাহনৰ গৰাকীক পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ আহ্বান -সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত ৩১ মাৰ্চৰ ভিতৰত যান-বাহনৰ নথিপত্ৰ আজিয়েই সঠিক কৰি লওক

বাহনৰ গৰাকীক পৰিবহণৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ আহ্বান -সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত ৩১ মাৰ্চৰ ভিতৰত  যান-বাহনৰ নথিপত্ৰ আজিয়েই সঠিক কৰি লওক

ৰাজপথত সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত বাহনৰ গৰাকী সকলক যান-বাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ কাটল অহা ৩১ মাৰ্চৰ ভিতৰত পৰিশোধ কৰি বাহনৰ নথি-পত্ৰসমূহ নৱীকৰণ কৰিবলৈ পৰিবহণ বিভাগে পূৰ্বতে সংবাদ মাধ্যমৰ জৰিয়তে সময়সীমা নিৰ্ধাৰণ কৰি দিছিল । কিন্তু বহু বাহনৰ গৰাকীয়ে আজিও এই বিষয়টোক গুৰুত্ব সহকাৰে গ্ৰহণ নকৰা বুলি পৰিবহণ বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে ৷ ব্যক্তিগত, ব্যৱসায়িক বাহনৰ কথাটো বাদেই বিভিন্ন নিৰ্মাণ প্ৰতিষ্ঠান আনকি অসমৰ মাটিত বছৰ বছৰ ধৰি নিৰ্বিবাদে ব্যৱসায়-বাণিজ্য চলাই থকা বহিঃৰাজ্যৰ বহুজাতিক প্ৰতিষ্ঠান সমূহৰো অসম চৰকাৰক সময়মতে যান-বাহনৰ কৰ আদায় দিয়া নাই। ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত যোৱা ডিচেম্বৰ মাহৰ পৰাই কাৰ্যালয়ৰ যান-বাহন পৰিদৰ্শকসহ এটা অভিযানকাৰী দলে মহানগৰ খনৰ চুকে-কোণে অতৰ্কিত অভিযান চলাই বহু বাহনৰ গৰাকী, বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানত যান-বাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দিবলৈ জাননী পৰ্যন্ত প্ৰেৰণ কৰিছিল । কিন্তু এচাম যান-বাহন ব্যৱহাৰকাৰীয়ে চৰকাৰক যান-বাহনৰ কৰ ফাঁকি দি ৰাজপথত বাহন চলাই আছে ৷ সেয়ে বাহনৰ গৰাকী সকলক উদ্দেশ্যি বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসে কয় যে যান-বাহনৰ গৰাকীয়ে দিয়া কৰ বা ৰাজহ এখন কল্যাণকামী ৰাষ্ট্ৰৰ অৰ্থনৈতিক ভেটিৰ অন্যতম শক্তিশালী উৎস ৷ তদুপৰি পথত সুৰক্ষিত যাতায়াত বাহাল ৰখাৰ ক্ষেত্ৰতো এই ৰাজহৰ অৱদান মনকৰিবলগীয়া। কিয়নো সকলো কৰ-কাটল আদায় দিয়াৰ পিচতহে বাহনৰ নথিপত্ৰসমূহ সঠিক হয়। সেয়ে যান-বাহনৰ কৰ পৰিশোধ কৰি পথত সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে কৰ অনাদায়ী বাহনৰ গৰাকী, বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান আৰু নিৰ্মাণকাৰী সংস্থা সমূহক ৰাজহ আদায় দিবলৈ আহ্বান জনাইছো । জানিব পৰা মতে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগে অতিৰিক্ত জৰিমনা বিহি বাহনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে বাহনসমূহ জব্দ কৰি স্ক্ৰেপ কৰিবলৈ পঞ্জীভুক্ত বাহন স্ক্ৰেপেজ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰিব পাৰে।

Comments (0)
Add Comment