বিজয়নগৰ-উপৰহালীত পথৰ নলা নিৰ্মাণকাৰ্য শুভাৰম্ভণী

দক্ষিণ কামৰূপৰ বাণিজ্যৰ কেন্দ্ৰস্থল বিজয়নগৰ- উপৰহালীত ব্যয়বহুলভাৱে নিৰ্মাণ হ’বলগীয়া পথৰ নলাৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভণী কৰা হয়।২০২১-২২ বৰ্ষৰ RIDF-XXVII শিতানৰ অধীনত প্ৰায় ৩.৫০ কোটি টকাৰ ব্যায় সাপক্ষে নিৰ্মাণ হ’বলগীয়া বিজয়নগৰ-দখলা পথৰ নলা নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। এই উপলক্ষে উপৰহালী দুৰ্গাপূজাস্থলীত দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি ধনেশ্বৰ তালুকদাৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বিধায়ক ঠাকুৰীয়াই বাণিজ্য নগৰ বিজয়নগৰ আৰু নিজ জন্মভুমি গাঁও উপৰহালী ৰাইজৰ বহু দিনীয়া আশা পূৰণ হোৱাৰ পথত। হাতত যদিহে ক্ষমতা নাথাকে তেতিয়া টকা, শক্তি বা মনৰ ইচ্ছা থাকিলেও উন্নয়ণৰ কাম কৰিব নোৱাৰে। এই পথৰ নলা নিৰ্মাণৰ জৰিয়তে ৰাইজৰ বহুদিনৰ অভাব পূৰণ হ’ব আৰু বাৰিষা আহিলে পানী উপচি পৰি যি সমস্যা হয়, সেই সমস্যা সৃষ্টি নহ’ব। লগতে উপৰহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ অৱস্থা একেবাৰে শোচনীয়। এই বিদ্যালয়খনৰ বিষয়ে বিধায়গৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অৱগত কৰাৰ পিছতে মডেল হাইস্কুল হিচাপে ঘোষণা কৰা বুলিও ভাষণ প্ৰসঙ্গত মন্তব্য কৰে। লগতে দখলা পাহাৰ আৰু ৰামপুৰৰ দৰাবিলক পৰ্যটন স্থলীলৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে বুলি জানিবলৈ দি অন্য সমষ্টিবোৰত দুটাকৈ আদৰ্শ অংগনাবাডী কেন্দ্ৰ অনুমোদন দিছে কিন্তু পলাশবাৰী সমষ্টিটোত বিধায়কগৰাকীৰ অনুৰোধত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৬ টা আদৰ্শ অংগনাবাদী কেন্দ্ৰ অনুমোদন জনাই ইতিমধ্যে আটাইকেইটা অংগনাবাদী কেন্দ্ৰৰ কাম পুৰ্ণ গতিত চলি আছে বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। সমষ্টিটোত কৰণীয় কাম বহুত আছে পৰ্যায়ক্ৰমে কৰি যাব বুলিও বিধায়কগৰাকীয়ে ৰাইজক আশ্বাস প্ৰদান কৰে। অনুষ্ঠানত দক্ষিণ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্তিক বিশ্বাস, পলাশবাৰী উপ-সংমণ্ডলৰ সহকাৰী অভিযন্তা ভৱেশ শৰ্মা, বিজয়নগৰ ব্যৱসায়ী সন্থাৰ সভাপতি কুশল মালাকৰ, উক্ত পকী নলাৰ নিৰ্মাণ কাৰ্যৰ ঠিকা লাভ কৰা মনোমহন তালুকদাৰ, উপৰহালী গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্য আদিকে ধৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে।

বাতৰি যুগুতালে জিতুমণি দাসে

Comments (0)
Add Comment