জনবিশ্বাস আৰু পৰম্পৰাৰে উদযাপিত এখন পূজা।পৰম্পৰা অক্ষুন্ন ৰাখি ১১৭ বছৰেই উদযাপিত হৈ আহিছে পূজাভাগ।জানি সুখী হ’ব যে এই বিশেষ পূজাখনত কাঠৰ প্ৰতিমাক পূজা কৰা হয়।নগাঁৱৰ পুৰণিগুদামৰ বাৰোৱাৰী সাৰ্বজনীন পূজাৰ লগত জনবিশ্বাস আৰু পৰম্পৰা জৰিত হৈ আছে।এই সম্পৰ্কে জানিব বিচৰাত যোগেন্দ্ৰ শৰ্মাই এনেদৰে কয়-পূৰ্বে ঘট পূজা প্ৰচলন আছিল।দশমীৰ দিনা প্ৰতিমা বিসৰ্জনে লেশধৰ শৰ্মাক ব্যথিত কৰি তুলিছিল ।১৮৮৫ চনতে কাঠ দূৰ্গা,গনেশ,লক্ষ্মীক সাজি উলিয়াইছিল।তেখেতে বেল গছৰ কাঠেৰে প্ৰতিমা সমূহ নিৰ্মাণ কৰিছিল।কিন্তু মহিষাসুৰক নিৰ্মাণৰ বাবে সঠিক কাঠ বিচাৰি পোৱা নাছিল।অৱশেষত তেওঁ এদিন সপোনত দেখিছিল ।সপোনত দেখা পোৱা উৎসৰ পম খেদি নদীত উটি অহা এদাল কাঠেৰে মহিষাসুৰক সাজি উলিয়াইছিল।আৰু তেতিয়াৰ পৰা অৰ্থাৎ১৯০০চনৰ পৰা কাঠৰ প্ৰতিমা পূজা হৈ আহিছে।দশমীৰ দিনা এই প্ৰতিমা ভাগৰ ঘট আৰু নৱপতিকাক বিসৰ্জন দিয়া হয়।পৰৱৰ্তী সময়ত প্ৰতিমাভাগ আছুতীয়াকৈ গোঁসাই ঘৰত ৰখা হয়।বংশানুক্ৰমে এই পৰম্পৰা চলি আহিছে। প্ৰতি বছৰে কাঠৰ প্ৰতিমাভাগ চাবলে বহু ভক্তৰ সমাগম হয়।স্মতৰ্ব্য যে স্কুলৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত এই ভাস্কৰ্য্যবিদৰ সবিশেষ বৰ্ণনা কৰা আছে।