বিশ্ব চাইকেল দিৱসত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ চাইকেল ৰেলী

বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি ৩ জুনত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ পৰা বৰঝাৰ বিমানবন্দৰলৈকে বিশাল এক চাইকেল ৰেলী উলিওৱা হয় । পতাকা জোকাৰি ৰেলীটো উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথে। আনহাতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিৰ নেতৃত্বত আজাৰা , ৰাণীগেট হৈ বৰঝাৰ বিমানবন্দৰলৈকে যোৱা ৰেলীটোৱে পুনৰ বিশ্ববিদ্যালয় চৌহদলৈকে উভতি আহে। প্ৰায় ২৫ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰা ৰেলীটোত বিশ্ববিদ্যালয়ৰ কেবাজনো শিক্ষক , ছাত্ৰ , গৱেষক , বিষয়া , এন এছ এছৰ স্বেচ্ছাসেৱক আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি হেমেন কলিতা , সাধাৰণ সম্পাদক বিকি শৰ্মাকে ধৰি কেবাজনো বিষয়ববীয়াই ভাগ লয় ।উল্লেখযোগ্য যে বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি উলিওৱা ৰেলীটোত ভাগ লোৱা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে।

Comments (0)
Add Comment