বিশ্ব পৰিবেশ দিৱসৰ ব্যতিক্রমী পদক্ষেপ-কাজিৰঙা শীৰ্ষক গ্ৰন্থ উন্মোচন

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি উন্মোচিত হ’ল The kaziranga National park শীর্ষক এখন গ্ৰন্থ। মাছ খোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এক গাম্ভীর্য পূর্ণ পৰিবেশত এই গ্ৰন্থ খন উন্মোচিত হয়। গ্ৰন্থ খনৰ লেখিকা ড’ মাইনু দেৱী। গ্ৰন্থ খন প্ৰকাশ কৰি উলিয়াইছে ভিকি পাব্লিছাৰ্ছে।

গ্ৰন্থ খনৰ সম্পৰ্কত ড’ মাইনু দেৱীয়ে গ্ৰন্থ খনৰ সম্পর্কত কয় যে গৱেষক সকলক সহায়ক হোৱাকৈ কাজিৰঙাৰ পৰ্যটন, বন্যপ্রাণী সুৰক্ষা, পাৰিপাৰ্শ্বিক অৱস্থা সকলো দিশ সামৰি গ্ৰন্থ খন প্ৰস্তুত কৰা হৈছে।

এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত পদ্মশ্রী সূৰ্য কান্ত হাজৰিকা,ভাৰত পৰ্যটন উত্তৰ পূবৰ ক্ষেত্ৰীয় প্ৰাক্তন সঞ্চালক শংখ শুভ্র দেৱ বৰ্মন, অসম চৰকাৰৰ মুখ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানটো আঁত ধৰে আমাৰ অসম কাকতৰ জেষ্ঠ্য সাংবাদিক মন্টু শইকীয়া আৰু সহযোগ কৰে সাংবাদিক অনুপমা ডেকাই।

Comments (0)
Add Comment