বিশ্বৰ মীন দিৱসত দেশৰ ভিতৰতে উজলিল অসম।মৎস্যখণ্ডত দেখুওৱা উল্লেখনীয় সফলতাৰ স্বীকৃতি হিচাপে নতুন দিল্লীত অনুষ্ঠিত বিশ্বৰ মীন দিৱসত অসমে চাৰিটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।মৎস্যপালনত অসমে শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান লাভ কৰা লগতে শ্ৰেষ্ঠ জিলা,শ্ৰেষ্ঠ অৰ্ধ-চৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ মৎস্যপালক শিতানতো পুৰস্কৃত হৈছে অসম।
মীন, দুগ্ধ আৰু পশুপালন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ চন্দ্ৰ সাৰাংগীয়ে আনুষ্ঠানিক ভাৱে এই পুৰস্কাৰ সমূহ প্ৰদান কৰে।শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসম চৰকাৰৰ পুৰস্কাৰ গ্ৰহণ কৰে মীন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰে।
আনহাতে শ্ৰেষ্ঠ জিলাৰ পুৰস্কাৰ গ্ৰহণ কৰে নগাঁও জিলাৰ মীন উন্নয়ন বিষয়া ডঃ ৰমেশ চন্দ্ৰ বৰ্মনে । শ্ৰেষ্ঠ মৎস্যপালক পুৰস্কাৰ লাভ কৰে নলবাৰী জিলাৰ সন্ধ্যৰ মৎস্য পালক অমল মেধিয়ে । শ্ৰেষ্ঠ অৰ্ধ চৰকাৰী সংস্থাৰ পুৰস্কাৰ গ্ৰহণ কৰে আছাম এপেক্সা কো-অপাৰেটিভ ফিছ মাৰ্কেটিং এণ্ড প্ৰচেছিং ফেডাৰেশ্যন লিমিটেডৰ পৰিচালন সঞ্চালকে।
শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰত আছিল নগদ ১০ লাখ টকা,প্ৰমানপত্ৰ আৰু স্মাৰক।একেদৰে শ্ৰেষ্ঠ জিলা আৰু শ্ৰেষ্ঠ অৰ্ধ চৰকাৰী সংস্থাৰ পুৰস্কাৰৰ ধনৰাশি আছিল ক্ৰমে নগদ ৩ লাখ টকা আৰু ৫ লাখ টকা।পাহাৰীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য শিতানত শ্ৰেষ্ঠ মৎস্যপালকৰ সন্মান লাভ কৰা অমল মেধিয়ে লাভ কৰে নগদ ১ লাখ টকা।
বিশ্ব মীন দিৱসত এনেদৰে চাৰিটাকৈ শিতানত সন্ধান আজুৰি আনিবলৈ সমৰ্থ হোৱাত মীন বিভাগৰ সমূহ বিষয়া-কৰ্মচাৰী আৰু প্ৰতিজন মৎস্যপালকলৈ ধন্যবাদ জনাইছে ৰাজ্যৰ মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।সকলোৰে সমূহীয়া প্ৰচেষ্টাৰ বাবে এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰি এই সাফল্যৰ আনন্দত বিভাগীয় ভাৱে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলিও সদৰী কৰে মন্ত্ৰী গৰাকীয়ে।উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত এয়া হৈছে অসমৰ মীন বিভাগৰ এক উল্লেখনীয় সফলতা।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত অসমৰ মীন বিভাগে নতুন মাত্ৰা লাভ কৰা বাবেই বিশ্ব মীন দিৱসত ৰাষ্ট্ৰীয় পৰ্যায়ত অসম উজলি উঠিছে বুলিও মন্তব্য কৰে মন্ত্ৰী শুক্লবৈদ্যই। এয়া হৈছে আমাৰ চৰকাৰে মীন বিভাগক গতিশীলতা প্ৰদান কৰাৰ জ্বলন্ত প্ৰমান।লগতে সমূহ অসমবাসীৰ সহায়-সহযোগিতাৰ বাবেহে এয়া সম্ভৱ হৈ পৰিছে ।সেয়ে মই এই সন্মান সমূহ অসমবাসীৰ নামত উৎসৰ্গা কৰিছো।ৰাজ্যৰ মীন বিভাগে আজুৰি অনা এই সাফল্যৰ পিছত এইদৰে মন্তব্য কৰে মীন মন্ত্ৰীগৰাকীয়ে।