দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা চলিত বৰ্ষৰ ‘স্বচ্ছতা হি সেৱা’ আহ্বান অভিযানৰ অংশ হিচাপে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ ‘বি আৰ অ’ৰ গুৱাহাটীৰ পশ্চিম জালুকবাৰীৰ লংকেশ্বৰস্থিত পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত ২৫ ছেপ্টেম্বৰত এক বৃহৎ চাফাই অভিযান চলোৱা হয়। বি আৰ অৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি) জিতেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত বাহিনীটোৰ বিষয়া , অভিযন্তা আৰু জোৱান সকলে হাতে হাতে ঝাৰু, কোৰ লৈ মুখ্য কাৰ্যালয় চৌহদৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো দাঁতিত লংকেশ্বৰ হৈ সাতমাইলত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰধান প্ৰৱেশদ্বাৰলৈকে আৱৰ্জনা , প্লাষ্টিক , পেলনীয়া সামগ্ৰী আদি চাফ – চিকুণ কৰি ডাষ্টবিনত পেলোৱাৰ লগতে কিছু পেলনীয়া সামগ্ৰী পুৰি পেলায়। আনহাতে এই সন্দৰ্ভত এ ডি জি জিতেন্দ্ৰ প্ৰসাদে জানিবলৈ দিয়া মতে এই অভিযানৰ মূল লক্ষ্য হৈছে সকলোৰে মাজত যাতে স্বচ্ছতাৰ দিশত সচেতনতা বৃদ্ধি পাই আৰু ই দৈনন্দিন জীৱনত অপৰিহাৰ্য্য হৈ পৰে।