ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনস্থ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’ৰ গুৱাহাটীৰ লংকেশ্বৰস্থিত পূব মণ্ডল মুখ্য অভিযন্তা সকলৰ এখন সন্মিলন ২৯ আৰু ৩০ এপ্ৰিলত অনুষ্ঠিত হয়।সন্মিলনখনৰ পৰিচালনা কৰে বি আৰ অ’ৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক পি কে এইছ সিঙে।সন্মিলনখনত সঞ্চালক গৰাকীয়ে সকলো ধৰণৰ নিৰ্মাণ কাৰ্য্য যাতে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি উপযুক্ত মানদণ্ডৰে সম্পন্ন হয় তাৰ বাবে আহ্বান জনায়।উল্লেখযোগ্য যে চিকিমকে আদি কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ আন্তৰাষ্ট্ৰীয় সীমান্ত যেনে ভাৰত ভূটান, ভাৰত চীন আৰু ভাৰত ম্যানমাৰৰ পথ নিৰ্মাণৰ লগত এই বি আৰ অ’গৰাকী জৰিত হৈ আছে ।সন্মিলনখনত বি আৰ অ’ৰ বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে ।